নিশা যোৰহাটৰ দক্ষিণ সৰ্বাইবন্ধাত সুৰাসক্ত বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ দাদাগিৰি। তদন্তৰ বাবে যোৱা যোৰহাট আৰক্ষীৰ বিষয়া সঞ্জয় ৰয়ৰ সৈতে হতাহতি। হতাহতি হয় যোৰহাটত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ বৰুৱাৰ সৈতেও। ক্ষতিসাধন কৰে আৰক্ষীৰ বাহনৰো। নেতাজনৰ নাম গোবিন বৰা। গোবিনৰ ঘৰ মাজুলীৰ গড়মূৰত আৰু তেওঁ যোৰহাটৰ দক্ষিণ সৰ্বাইবন্ধাত ভাড়াঘৰ লৈ আছিল। যোৰহাটৰ মাছৰহাটৰ এগৰাকী মহিলাৰ নিৰুদ্দেশৰ তদন্ত কৰিবলৈ দক্ষিণ সৰ্বাইবন্ধালৈ গৈছিল সঞ্জয় ৰয়ৰ নেতৃত্বত এটা আৰক্ষীৰ দল।
মোবাইল ল’কেচন ট্ৰেক কৰি উক্ত অঞ্চলৰ বাসিন্দাসকলক আৰক্ষীয়ে নিৰ্দিষ্ট মহিলাগৰাকীৰ বিষয়ে সোধপোচ কৰিছিল। এই সন্দৰ্ভত বিজেপিৰ নেতাজনৰ ভাড়া ঘৰত সোমাওতেই সংঘটিত হয় এই ঘটনা। ভয় ভাবুকিৰে দেখুৱাই বিজেপিৰ যুৱ মৰ্চাৰ নেতাজনে আৱদ্ধ কৰি ৰাখে আৰক্ষীৰ দলটোক। পিচত যোৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে উদ্ধাৰ কৰে আৰক্ষীৰ দলটোক।
যোৰহাট আৰক্ষীয়ে যুৱ মৰ্চাৰ নেতা গোবিন বৰাক পিছত দুজন বন্ধুৰ সৈতে কমলাবৰীয়া নামঘৰৰ সমীপৰ পৰা আটক কৰাৰ লগতে এ এচ ০৩ এম ০৭৫৪ নম্বৰৰ এখন ফৰ্ড ফিগ’ গাড়ীও জব্দ কৰে যোৰহাট আৰক্ষীয়ে। আনহাতে আৰক্ষীয়ে জব্দ কৰা গাড়ীৰ ভিতৰত সুৰাৰ বটল পোৱা গৈছে। ইতিমধ্যে গোবিনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে ৩৫৯/২০ কেচ নম্বৰত ৩৫৩/২৯৪/৪২৭/৫০৬ ধাৰাত গোচৰ ৰুজু কৰিছে।
Input & Photo: Rituraj Phukan