17 C
Guwahati
Saturday, January 15, 2022
More

    যোধপুৰত ভজন গায়কৰ অশ্লিল ভিডিঅ’ ভাইৰেল, অসংযত অৱস্থাত দেখা গ’ল যুৱতীৰ সৈতে

    ছচিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল হোৱাৰ পিছৰে পৰা ভজন গায়ক আৰু যুৱতীগৰাকী সন্ধানহীন

    ৰাজস্থানৰ যোধপুৰত এজন ভজন গায়কৰ কেইবাটাও অশ্লিল ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বন্ধ কোঠাত যুৱতী আৰু মহিলাৰ সৈতে অসংযত অৱস্থাত দেখা গৈছে ভাইৰলে হোৱা ভিডিঅ’ সমূহত। ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা ভজন গায়ক আৰু যুৱতীগৰাকী সন্ধানহীন।

    বৰ্তমানলৈ সন্ধান উলিয়াব পৰা নাই যে এই আপত্তিজনক ভিডিঅ’ কেতিয়া আৰু কোনে বনালে। যোধপুৰ আৰক্ষীয়ে ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

    ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ যোধপুৰৰ ৰাতানাৰাস্থিত এখন ধৰ্মশালাৰ কোঠাত বনোৱা হৈছিল। ভজন গায়কজন হ’ল যোধপুৰৰ সুন্দৰ দাস। ভজন গায়কৰ সৈতে আপত্তিজনক অৱস্থাত দেখা পোৱা যুৱতীগৰাকীৰ পিন্ধনত আছিল জীঞ্চ পেণ্ট। যুৱতীগৰাকীৰো পৰিচয় উদ্ধাৰ হৈছে যদিও ভজন গায়কৰ সৈতে যুৱতীগৰাকীও বৰ্তমান সন্ধানহীন।

    যুৱতীগৰাকীৰ পূৰ্বে এগৰাকী মহিলাৰ সৈতেও ভিডিঅ’ ভাইৰেল হৈছিল। বিচনাত এগৰাকী অৰ্ধনগ্ন মহিলাৰ সৈতে দেখা গৈছিল গায়কজনক। ঘটনা সন্দৰ্ভত এজনক আটক কৰাৰ লগতে আৰক্ষীৰ তদন্ত অব্যাহত। ভজন গায়কৰ সন্ধানত আৰক্ষীয়ে চলাই আছে অভিযান।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং