15 C
Guwahati
Tuesday, January 25, 2022
More

    JNU Protest: মাছুল বৃদ্ধিৰ বিৰোধিতাৰে সংসদলৈ যোৱা শিক্ষাৰ্থীক লাঠীচাৰ্জ, ৪ মেট্ৰ ষ্টেচনত সেৱা স্থগিত

    আৰক্ষীয়ে লাঠীচাৰ্জ কৰাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ। ইয়াৰ মাজতে সংসদৰ সমীপৰ ৪টা মেট্ৰ' ষ্টেচন স্থগিত কৰা হয়। লগতে ৰিং ৰোডতো তীব্ৰ যান-জঁটৰ সৃষ্টি হয়

    হোষ্টেলৰ মাছুল বৃদ্ধিৰ বিৰুদ্ধে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত বৰ্তমানেও অব্যাহত প্ৰতিবাদ। সোমবাৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেট লৈ সংসদ ভৱনলৈ প্ৰতিবাদৰ বাবে ৰাওনা হয় কিন্তু মাজতে তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলক ছফদৰজংগ মকবৰাৰ সমীপত ৰখাই থোৱা হয়।

    আৰক্ষীয়ে লাঠীচাৰ্জ কৰাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ। ইয়াৰ মাজতে সংসদৰ সমীপৰ ৪টা মেট্ৰ’ ষ্টেচন স্থগিত কৰা হয়। লগতে ৰিং ৰোডতো তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

    দিল্লী মেট্ৰ’ ৰে’ল কৰ্পৰেচনৰ অনুসৰি, ‘দিল্লী আৰক্ষীৰ আদেশ অনুসৰি, উদ্যোগ ভৱন, লোক কল্যাণ মাৰ্গ আৰু পাটেল চকত ৰে’লসমূহ নৰখওৱাৰ বাবে উদ্যোগ ভৱন, পাটেল চক আৰু কেন্দ্ৰীয় সচিবালয়ৰ প্ৰৱেশ আৰু প্ৰস্থান অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে।

    দিল্লী আৰক্ষীৰ PRO মনদীপ এছ ৰংধাৱাই ক’লে যে আমি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে দাবীসমূহৰ বিষয়ে চেষ্টা কৰি আছো আৰু তেওঁলোকে আইন হাতত তুলি নলব’লৈ কোৱা হৈছিল। লাঠীচাৰ্জৰ অভিযোগ উত্থাপন কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আমি তদন্ত অব্যাহত ৰাখিম।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং