জম্মু-কাশ্মীৰৰ পৰী অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত শ্ৰীনগৰ সচিবালয়ৰ পৰা ৰাজ্যখনৰ পতাকা আঁতৰাই দিয়া হৈছে। এতিয়া তাত উৰিছে ত্ৰিৰংগা পতাকা। বিগত সপ্তাহত দুয়োখন পতাকা একেলগে আঁৰি থোৱা হৈছিল।

ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক বিশেষ সাক্ষাতকাৰত এগৰাকী বিষয়াই ক’লে যে এতিয়াৰে পৰা প্ৰতিটো চৰকাৰী কাৰ্যালয়ত উৰুৱাব লাগিব ত্ৰিৰংগা পতাকা। সংসদে জম্মু-কাশ্মীৰৰ পৰা আঁতৰাইছে অনুচ্ছেদ ৩৭০, যাৰ বাবে ৰাজ্যখনে হেৰুৱাইছে বিশেষ অধিকাৰো।
পূৰ্বে জম্মু-কাশ্মীৰৰ আছিল নিজৰ সংবিধান আৰু পতাকা। কিন্তু অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত এতিয়া তাত বলবৎ হ’ব ভাৰতীয় সংবিধান। চৰকাৰী অট্টালিকাত উৰিব ত্ৰিৰংগা আৰু ভাৰতীয় দণ্ডবিধি পালন হ’ব।
ৰাজ্যখনত কোনো বাহিৰৰ লোকে ভূমি ক্ৰয় কৰাৰ ক্ষেত্ৰটো আছিল প্ৰতিবন্ধকতা। কিন্তু এতিয়া সলনি হ’ল এই নিয়মো। নৰেন্দ্ৰ মোদী চৰকাৰে জম্মু-কাশ্মীৰ আৰু লডাখক পৃথক পৃথক কেন্দ্ৰ শাসিত অঞ্চল হিচাপে বিভক্ত কৰিছে। অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত সম্পূৰ্ণভাৱে সলনি হৈছে জম্মু-কাশ্মীৰৰ ৰূপ।
Guwahati | Edited by: Dulu Medhi