14.4 C
Guwahati
Saturday, January 29, 2022
More

    ‘অস্ত্ৰ এৰি আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰক’, পৰেশ বৰুৱালৈ এই আহ্বান জীতেন দত্তৰ

    স্বাধীন অসমৰ সপোন দেখা সংযুক্ত মুক্তি বাহিনী অসমৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো সংগঠন ত্যাগ কৰিবলৈ আহ্বান একালৰ সতীৰ্থ জীতেন দত্তৰ

    স্বাধীনতাৰ নামত অসমত সশস্ত্ৰ সংগ্ৰাম এক অৰ্থহীন যাত্ৰা।

    অস্ত্ৰেৰে সংগ্ৰাম কৰি আজিৰ তাৰিখত জাতিৰ মুক্তি আনিব নোৱাৰি। এই মন্তব্য জীতেন দত্তৰ।

    স্বাধীন অসমৰ সপোন দেখা সংযুক্ত মুক্তি বাহিনী অসমৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো সংগঠন ত্যাগ কৰিবলৈ আহ্বান একালৰ সতীৰ্থ জীতেন দত্তৰ।

    বিভিন্ন সময়ত জাতীয়তাবাদী মন্তব্যৰে চৰকাৰী পক্ষৰ ৰোষত পৰা আলফাৰ অস্ত্ৰ বিৰত গোটৰ নেতা জীতেন দত্তই ,

    দেওবাৰে লখিমপুৰত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে এই গুৰুত্বপূৰ্ণ মন্তব্য।

    ‘অস্ত্ৰ এৰি আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰক।’- আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনালে জীতেন দত্তই।

    উল্লেখ্য যে, ‘সাৰথি’ নামেৰে এটা আত্মনিৰ্ভৰশীল গোটৰ পৰিকল্পনাৰে বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি দেওবাৰে লখিমপুৰত একাংশ উদ্যমী যুৱকৰ লগত অনানুষ্ঠানিক আলোচনাত মিলিত হৈছিল জীতেন দত্ত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং