26 C
Guwahati
Wednesday, September 28, 2022
More

    ৬৯৯ টকাৰ পৰা আৰম্ভণি JioFiberৰ প্লেন, বিনামূলীয়াকৈ লাভ কৰিব TV আৰু Set Top Box

    ইয়াৰ আৰম্ভণি স্পীড হ'ব 100Mbps আৰু ইয়াত লাভ কৰিব 1Gbpsলৈ স্পীড।

    ৰিয়ালেঞ্চ জিঅ’ই ঘোষণা কৰিছে JioFiber Broadband Serviceৰ প্লেন। কোম্পানীয়ে দেশৰ ১৬০০খন চহৰৰ বাবে এই প্লেন উন্মোচন কৰিছে। কোম্পোনীয়ে জাৰি কৰা এখন জাননী অনুসৰি JioFiber ভাৰতৰ প্ৰথমটো ১০০ শতাংশ All Fiber Broadband Service । ইয়াৰ আৰম্ভণি স্পীড হ’ব 100Mbps আৰু ইয়াত লাভ কৰিব 1Gbpsলৈ স্পীড।

    Photo Credit: aajtak.intoday.in

    JioFiberত উপলব্ধ হ’বঃ
    ১. অল্ট্ৰা হাই স্পীড ব্ৰডবেণ্ড
    ২. ফ্ৰী ডমেষ্টিক ভইছ কলিং, কনফেৰেংচিং আৰু ইণ্টাৰনেছনেল কলিং
    ৩. টিভি ভিডিঅ’ কলিং আৰু কনফেৰেংচিং
    ৪. গেমিং

    Photo Credit: aajtak.intoday.in
    1. হোম নেটৱৰ্কিং
    2. Entertainment OTT Apps
    3. ডিভাইচ ছিকিউৰিটী
    4. VR এক্সপিৰিয়েঞ্চ
    5. প্ৰিমিয়াম কনটেণ্ট প্লেটফৰ্ম
    Photo Credit: aajtak.intoday.in

    JioFiber মাহিলী Pre-Paid Tariff:

    জিঅ’ৰ প্লেন ৱ্ৰঞ্জ, ছিলভাৰ, গ’ল্ড, ডাইমণ্ড, প্লেটিনাম আৰু টাইটেনিয়মৰ নামেৰে বিভাজন কৰা হৈছে। ইয়াৰ মূল্য ক্ৰমেঃ ৬৯৯ টকা, ৮৪৯ টকা, ১,২৯৯ টকা, ২,৪৯৯ টকা, ৩,৯৯৯ টকা আৰু ৮,৪৯৯ টকা।

    Photo Credit: aajtak.intoday.in

    ব্ৰঞ্জ প্লেনৰ মূল্য ৬৯৯ টকা। ৩০ দিনত লাভ কৰিব 100Mbps হাই স্পীড ডেটা। FUPৰ পিছত ইয়াৰ স্পীড হ’ব 1Mbps । এই প্লেনৰ জৰিয়তে লাভ কৰিব 100GB+50GB ডেটা। লগতে বিনামূলীয়াকৈ লাভ কৰিব ভইচ কলিং, টিভি ভিডিঅ’ কলিং আদি।

    Photo Credit: aajtak.intoday.in

    ছিলভাৰ প্লেনৰ মূল্য ৮৪৯ টকা। ইয়াৰ জৰিয়তে লাভ কৰিব ৩০ দিনৰ বাবে 100Mbps হাই স্পীড (200GB+200GB) ডেটা। FUPৰ পিছত ইয়াৰ স্পীড হ’ব 1Mbps । লগতে বিনামূলীয়াকৈ লাভ কৰিব ভইচ কলিং, টিভি ভিডিঅ’ কলিং আদি।

    Photo Credit: aajtak.intoday.in

    গ’ল্ড প্লেনৰ মূল্য হ’ব ১,২৯৯ টকা। ইয়াৰ জৰিয়তে লাভ কৰিব ৩০ দিনৰ বাবে 250Mbpsৰ স্পীডৰ পৰা (500GB+250GB) হাই স্পীড ডেটা। FUPৰ পিছত ইয়াৰ স্পীড হ’ব 1Mbps । লগতে বিনামূলীয়াকৈ লাভ কৰিব ভইচ কলিং, টিভি ভিডিঅ’ কলিং আদি।

    Photo Credit: aajtak.intoday.in

    ডাইমণ্ড প্লেনৰ মূল্য হ’ব ২,৪৯৯ টকা। ইয়াৰ জৰিয়তে গ্ৰাহকে ৩০ দিনৰ বাবে লাভ কৰিব 500Mbpsৰ স্পীডৰ পৰা (1250GB+250GB) হাই স্পীড ডেটা। FUPৰ পিছত ইয়াৰ স্পীড হ’ব 1Mbps। লগতে বিনামূলীয়াকৈ লাভ কৰিব ভইচ কলিং, টিভি ভিডিঅ’ কলিং আদি।

    Photo Credit: aajtak.intoday.in

    প্লেটিনাম প্লেনৰ মূল্য হ’ব ৩,৯৯৯ টকা। ইয়াৰ জৰিয়তে গ্ৰাহকে ৩০ দিনৰ বাবে লাভ কৰিব 1Gbpsৰ স্পীডত (2500GB) হাই স্পীডৰ ডেটা। FUPৰ পিছত ইয়াৰ স্পীড হ’ব 1Mbps। লগতে বিনামূলীয়াকৈ লাভ কৰিব ভইচ কলিং, টিভি ভিডিঅ’ কলিং আদি।

    Photo Credit: aajtak.intoday.in

    শেষত টাইটেনিয়ম প্লেনৰ মূল্য হ’ব ৮,৪৯৯ টকা। ইয়াৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব 1Gbpsৰ স্পীডৰ পৰা (5000GB) হাই স্পীডৰ ডেটা। FUPৰ পিছত ইয়াৰ স্পীড হ’ব 1Mbps। লগতে বিনামূলীয়াকৈ লাভ কৰিব ভইচ কলিং, টিভি ভিডিঅ’ কলিং আদি।

    Photo Credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং