28 C
Guwahati
Monday, September 26, 2022
More

    জিঅ’ গ্ৰাহকৰ বাবে এটা দুঃখবৰ, এতিয়াৰে পৰা বিনামূলীয়া নহয় জিঅ’ সেৱা

    এতিয়াৰে পৰা Jioৰ গ্ৰাহকে আন নেটৱৰ্কলৈ কল কৰিলে প্ৰতি মিনিটত ভৰিব লাগিব ৬ পইচাকৈ। অৱশ্যে জিঅ'ৰ পৰা জিঅ'লৈ কল কৰিলে ভৰিব নালাগে কোনো চাৰ্জ

    জিঅ’ৰ গ্ৰাহকসকলে এতিয়াৰে পৰা আৰু লাভ নকৰিব সম্পূৰ্ণ বিনামূলীয়া সেৱা। TRAIৰ নিয়ম অনুসৰি ৰিলায়েঞ্চ জিঅ’ই সালসলনি ঘটাইছে নিজৰ আঁচনিত। এতিয়াৰে পৰা জিঅ’ৰ গ্ৰাহকে আন নেটৱৰ্কলৈ কল কৰিলে প্ৰতি মিনিটত ভৰিব লাগিব ৬ পইচাকৈ। অৱশ্যে জিঅ’ৰ পৰা জিঅ’লৈ কল কৰিলে ভৰিব নালাগে কোনো চাৰ্জ। TRAIৰ নিৰ্দেশৰ পিছতে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। IUC নিয়ম সংশোধনৰ পিছতে নিৰ্ধাৰণ কৰিছে শুল্ক।

    অৱশ্যে লাভ কৰিব বৰ্তমানৰ ইণ্টাৰনেট ডাটা, বৰ্তমানৰ ৰিচাৰ্জতে বিনামূলীয়া ডাটা দিয়া হ’ব গ্ৰাহকক। ১০ৰ পৰা ১০০ টকালৈ নতুন প্লেন ঘোষণা কৰিছে জিঅ’ই। ১০ টকাত ১২৪ মিনিট কথা পাতিব পাৰিব গ্ৰাহকে। ২০ টকাত ২৪৯ মিনিট কলিং, ৫০ টকাত ৬৫৬ মিনিট টক টাইম, ১০০ টকাত ১,৩৬২ মিনিট বাৰ্তালাপ, ১০ টকাত ১ জিবি অতিৰিক্ত ডাটা, ২০ টকাত ২ জিবি, ৫০ টকাৰ ৰিচাৰ্জত ৫ জিবি ডাটাৰ লগতে ১০০ টকাত ১০ জিবি ডাটাও লাভ কৰিব গ্ৰাহকে।

    Photo Credit : financialexpress.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং