27 C
Guwahati
Monday, November 29, 2021
More

    Breaking: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ১২ হত্যাকাৰী

    মাত্ৰ ১০ টকা ভাড়াৰ বাবে সংঘটিত হৈছিল এই হত্যাকাণ্ড

    ৰাজ্য কঁপাই যোৱা কাৰ্বি আংলং জিলাৰ ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ১২ হত্যাকাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড। ২৮ ফেব্ৰুৱাৰী শুকুৰবাৰে এই শাস্তিৰ ঘোষণা কৰে ডিফু সত্ৰ ন্যায়াধীশৰ বিচাৰপীঠে।

    উল্লেখ্য যে যোৱা ২৪ ফেব্ৰুৱাৰী মঙলবাৰে ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান কৰা হৈছিল। আৰু সেই ৰায়দানৰে আজি শাস্তি ঘোষণা কৰে।

    কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশ এ.আহমেদৰ বিচাৰ পীঠে দিয়ে গোচৰটো সন্দৰ্ভত চূড়ান্ত ৰায়দান। উল্লেখ্য যে, ২০১৩ চনৰ ২৫ জুনত এদল উন্মুক্ত লোকৰ আক্ৰমণৰ বলি হৈ অকাল আৰু কৰুণ মৃত্যুক সাৱটি লৈছিল ঝংকাৰ শইকীয়া নামৰ যুৱকজনে৷ এগৰাকী অট’চালকৰ সৈতে মাত্ৰ দহ টকাৰ অট’ ভাড়াকলৈ হৈছিল বিতৰ্ক৷

    Photo credit: Suraj Gogoi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং