23 C
Guwahati
Thursday, October 28, 2021
More

    ফিল্মফেয়াৰ এৱাৰ্ডছত অসমক ৯-১২মিনিট সময় উপস্থাপন কৰাত সফল হৈছোঃ জয়ন্ত মল্ল বৰুৱা

    অসমক ৯-১২মিনিট সময় উপস্থাপন কৰাত সফল হৈছো আমি। জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ নাম লৈ ফিল্মফেয়াৰ আৰম্ভ হৈছিল

    ‘সকলোৰে সহায় সহযোগিতাত ফিল্মফেয়াৰ সফলভাৱে সমাপ্ত হ’ল। সকলোকে ধন্যবাদ পৰ্যটন নিগমৰ।’- সংবাদমেলত এই মন্তব্য অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ। সংবাদ মাধ্যমক কৃতজ্ঞতা পৰ্যটন নিগমৰ। মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, পৰ্যটনমন্ত্ৰী, প্ৰতিগৰাকী মন্ত্ৰী-বিধায়ক AGP, BPF অসমৰ ৰাইজৰ আকুণ্ঠ মৰমত সফল হ’ল ফিল্মফেয়াৰ। ফিল্মফেয়াৰৰ সৈতে জড়িত শিল্পী সমাজকো কৃতজ্ঞতা জ্ঞাপন জয়ন্ত মল্ল বৰুৱাৰ।

    বলীউদৰ পৰা সৰ্বমুঠ ৮০ গৰাকীতকৈ অধিক তাৰকাৰ সমাৱেশ ঘটিছিল। অক্ষয় কুমাৰৰ পৰা অনুৰাধা পড়োৱাললৈকে উপস্থিত আছিল বলীউদ তাৰকা। মুম্বাইতো একেলগে ইমান তাৰকা নাথাকিছিল বুলি TOI-এ জনাইছে বুলি কয় অসম পৰ্যটন নিগমৰ অধ্যক্ষগৰাকীয়ে। এইবছৰ দুশ কোটি লোকক চুব ফিল্মফেয়াৰে। ‘অসম পৰ্যটন মানুহৰ মাজলৈ যাব মাত্ৰ ২৩কোটি ব্যয়ত। যিটো আন প্ৰক্ৰিয়াৰে অসম্ভৱ কথা। আমি যি ৮টা প্ৰম’ প্ৰস্তুত কৰিছিলো তাত আমাৰ স্বত্ব আছে। অসমৰ কথা কোৱাবলৈ সহজ নহ’লহেঁতেন ফিল্মফেয়াৰক বাদ দি।’- সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিলে বৰুৱাই।

    অসমক ৯-১২মিনিট সময় উপস্থাপন কৰাত সফল হৈছো আমি। জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ নাম লৈ ফিল্মফেয়াৰ আৰম্ভ হৈছিল। সত্ৰীয়া নৃত্য, মুখা শিল্প দেখুওৱা হৈছে বিহুটোত চুকাফা, সতী জয়মতী, সতী ৰাধিকা আৰু সতী সাধিনীক উপস্থাপন কৰা হৈছে। জনগোষ্ঠীয় নৃত্যটো আৰম্ভ হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰ গীতটোৰে। এয়া সচাকৈয়ে আমাৰ বাবে গৌৰৱৰ কথা। এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।

    অসমৰ বিহুৱতীয়েহে ব্লেক লেডীক কঢ়িয়াইছিল। এয়া ফিল্মফেয়াৰ ইতিহাসত পৰম্পৰা ভংগ কৰি কৰা হৈছিল। কৰন জোহৰ, বিকী কৌশলে প্ৰৱেশ কৰোতে উঠি অহা বাহনখনতো অসমীয়াত্ব প্ৰতিফলিত কৰা চেষ্টা কৰা হৈছিল বুলি ক’লে বৰুৱাই। আলিয়া ভাটে ‘দিল হুম হুম কৰে’ গীতেৰে অসমক প্ৰতিফলিত কৰাৰ চেষ্টা কৰিলে। ৭৫০ৰ পৰা ৮০০ গৰাকী তাৰকা কেটেগৰীৰৰ হোটেল কোঠা ব্যৱহাৰ কৰি অসমক পৰোক্ষভাৱে টকা দি গৈছে। প্ৰায় ৫০০খন বিলাসী গাড়ী অসমৰ পৰা ভাড়া লৈ অসমকে টকা দি গৈছে । প্ৰায় ৩৫-৪০কোটি TOI-এ অসমক দি গৈছে বিভিন্ন ক্ষেত্ৰত।’- এই কথা সগৌৰৱে প্ৰকাশ কৰিলে অসম পৰ্যটন নিগমৰ অধ্যক্ষগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং