27 C
Guwahati
Thursday, October 14, 2021
More

    বিহুৱা, ঢুলীয়াও ১৮% GST দিব লাগিব বুলি অপপ্ৰচাৰ আৰম্ভ কৰিছে, ক’লে জয়ন্ত মল্ল–পৱিত্ৰ মাৰ্ঘেৰিটাই

    জিএচটি কোনো উদযাপন কমিটিয়ে দিব নালাগে। বিহু কমিটিয়ে দিব নালাগে জিএচটি। টিকট কাটি অনুষ্ঠানৰ আয়োজন কৰিলেহে জিএচটি দিব লাগিব বুলিও জনালে

    GST সন্দৰ্ভত অপপ্ৰচাৰ চলোৱাক লৈ জয়ন্ত মল্ল বৰুৱা আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল। বিহুৱা আৰু ঢুলীয়াও ১৮% GST দিব লাগিব বুলি অপপ্ৰচাৰ আৰম্ভ কৰি দিছে। সংবাদমেলত এই কথা উল্লেখ কৰিলে জয়ন্ত মল্ল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই। অপপ্ৰচাৰকাৰীক সকীয়াই দিয়ে সংবাদমেলত। ২০১৭ চনৰ জাননী অনুসৰি শিল্পীসকলে কিমান GST দিব লাগে তাত লিখা আছে। জিএচটিৰ নিয়মটো কি তাত উল্লেখ আছে বুলিও জনাই সংবাদমেলত।

    জিএচটি কোনো উদযাপন কমিটিয়ে দিব নালাগে। বিহু কমিটিয়ে দিব নালাগে জিএচটি। টিকট কাটি অনুষ্ঠানৰ আয়োজন কৰিলেহে জিএচটি দিব লাগিব বুলিও জনালে। ‘১.৫০ লাখ টকা পৰ্যন্ত GST দিব নালাগে। পেছাগত শিল্পীয়ে বছৰি ২০ লাখ টকাপৰ্যন্ত অৰ্জন কৰিলে GST দিব নালাগে। ২০-৫০ লাখ পৰ্যন্ত বছৰি অৰ্জন কৰা পেছাগত শিল্পীয়ে ৬% GST দিব লাগিব। ৫০ লাখৰ ওপৰত অৰ্জন কৰিলে ১৮% GST দিব লাগিব। লোকশিল্পীসকলে দিব নালাগে জিএচটি। অম্বুবাচী মেলাত যেতিয়া কৈলাশ খেৰক মাতিছিলো.. তেওঁ দিছে GST।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং