ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা। লগতে কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হৈছে ৯জন লোকৰ।
আজিৰ দিনটোত বৰ্তমানলৈ ৪৩জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।
ইয়াৰে নগাঁৱৰ ১৪জন, ১০জন গোলাঘাটৰ, ১০জন কামৰূপৰ, ২জন যোৰহাটৰ, ২জন বাক্সাৰ, ২জন চিৰাঙৰ, এজন কাৰ্বি আংলঙৰ, এজন ধেমাজিৰ আৰু এজন বঙাইগাঁৱৰ।
ইফালে দেওবাৰৰ দিনটোত উজনিত মৃত্যু হয় প্ৰথমজন কৰ’ণা ৰোগীৰ।
চাবুৱাৰ দিনজান সেনা ছাউনীত শনিবাৰে মৃত্যু ঘটে কৰ’ণাত আক্ৰান্ত এজন সেনা জোৱানৰ। মৃত লোকজনৰ নাম ৰাজু চন্দ্ৰ দেৱ।
মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগত ভোগা জোৱানজনৰ ষ্ট্ৰক হোৱাত ব্ৰেইন হিউমেৰাইজ হৈছিল।
ততালিকে সেনাৰ জোৱানজনক বিগত ১১ জুনত সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও শনিবাৰে চিকিৎসালয়তে মৃত্যু হয় জোৱানজনৰ।
মৃত জোৱানজনৰ স্বাব পৰীক্ষাত Covid-19ৰ অবস্থিতি ধৰা পৰিছিল।
ইফালে দিনজান সেনা চাউনিত মৃত জোৱানজনৰ সৈতে মুঠ ৪গৰাকী জোৱানৰ দেহত Covid-19 পজিটিভ পোৱা গৈছে।
অৱশ্যে ট্ৰেভেল হিষ্টৰী থকাৰ বাবে জোৱান কেইজন দিনজান সেনা ছাউনীৰ ভিতৰতে কোৱাৰেণ্টাইনত আছিল।
সেনাৰ তৰফৰ পৰা বৰ্তমানলৈ জোৱানকেইজনৰ পৰিচয় গোপনে ৰখা হৈছে।
Photo: Time8