29 C
Guwahati
Wednesday, October 13, 2021
More

    ‘কা’ বিৰোধী আন্দোলনৰ বাবে থিয়েটাৰ আৰু চলচ্চিত্ৰ জগতৰ যথেষ্ট ক্ষতি হৈছেঃ যতীন বৰা

    নলবাৰীত অনুষ্ঠিত জীৱন শিল্পী দিৱসৰ বঁ‌টা প্ৰদান অনুষ্ঠানত অংশ লৈ অভিনেতাগৰাকীৰ এই মন্তব্য

    ‘কা’ বিৰোধী আন্দোলনৰ ফলত অসমত ভ্ৰাম্যমাণ থিয়েটাৰ আৰু চলচ্চিত্ৰ জগতৰ যথেষ্ট ক্ষতি হৈছে। ফেব্ৰুৱাৰী মাহতে কেবাখনো ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ হ’ব লগা পৰিৱেশৰ সৃষ্টি হৈছে। ৰত্নাকৰৰ মুকলিৰ পিছত আৰু প্ৰযোজকে চিনেমা মুকলি কৰিবলৈ সাহস কৰা নাই-এই মন্তব্য অভিনেতা যতীন বৰাৰ।

    আজি নলবাৰীত নলবাৰী আৰ্ট স্কুলত অনুষ্ঠিত জীৱন শিল্পী দিৱসৰ বঁ‌টা প্ৰদান অনুষ্ঠানত অংশ লৈ অভিনেতাগৰাকীয়ে সাংবাদিকৰ আগত এনেদৰে বক্তব্য প্ৰদান কৰে।

    উল্লেখ্য যে জীৱন শিল্পী আদ্য শৰ্মাৰ পঞ্চম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত জীৱন শিল্পী দিৱসত অভিনেত্ৰী সীমা বিশ্বাসৰ মাতৃ তথা প্ৰবীণ অভিনেত্ৰী মীৰা বিশ্বাসক চলিত বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁ‌টা প্ৰদান কৰা হয়। অভিনেত্ৰীগৰাকীক মানপত্ৰ,নগদ ধন,চেলেং চাদৰ,ফুলাম জাপি আদিৰে সম্ভাষণ জনায় উদ্যোক্তাসকলে ।

    Photo Credit:@hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং