বেংগালুৰুত শংকৰদেৱ সাংস্কৃতিক সমাজ গঠনৰ লক্ষ্য আগত ৰাখি সমাজৰ নামঘৰত আগৰ কেইবছৰৰ দৰে এইবাৰো ২৫ আগষ্ট, দেওবাৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰে প্ৰবাসী অসমীয়াই।

বেংগালুৰুত বাস কৰা চাৰি শতাধিক অসমীয়া ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে খোল, তাল, নেগেৰাৰ শব্দত মুখৰিত হৈ পৰে নামঘৰ প্ৰাংগন। পুৱা ১০.৩০ বজাত নাম-প্ৰসংগৰে শুভাৰম্ভ কৰা হয় অনুষ্ঠানৰ।

তাৰ পিছতেই আৰম্ভ কৰে এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ। বিকাশ সূত্ৰধৰৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত ক্ৰমে জিতেন ডেকাৰ কণ্ঠত লোকগীত, লীনা আৰু চন্দ্ৰাশ্ৰীৰ চালি নৃত্য, নয়ানভা আৰু উপাসনাৰ লঘূ শাস্ত্ৰীয় নৃত্য, কণমানি শিল্পী ক্ৰমে প্ৰীতম, হিয়া, দক্ষায়ণ আৰু কীৰ্তনাই দলীয় কৃষ্ণ নৃত্য কৰে অনুষ্ঠানত। বসুদেৱ আৰু কংসৰ ভাৱত একক অভিনয় কৰে সংস্কৃতিৱান ব্যক্তি অতুল চন্দ্ৰ বৰদলৈয়ে।

অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি কণমানি সকলৰ মাজত শ্ৰীকৃষ্ণৰ বাল্য অৱস্থাক বিষয় বস্তু হিচাপে লৈ অনুষ্ঠিত হয় এক প্ৰদৰ্শনীমূলক সাজ -সজ্জাৰ অনুষ্ঠানো।