26 C
Guwahati
Sunday, October 24, 2021
More

    যাত্ৰাৰ মাজতে ভয়াবহ জুইৰ কবলত জন শতাব্দী এক্সপ্ৰেছ, ২ ঘণ্টা ধৰি আৱদ্ধ হৈ থাকে ৰে’লখন

    অগ্নিসংযোগৰ পিছতে হাহাকাৰ লাগে যাত্ৰী সকলৰ মাজত

    নিশা নগাঁও জিলাৰ কামপুৰত নামনিমুৱা জন শতাব্দী ৰেল’ত ভংয়কৰ জুই। ৰেল খনত অগ্নিসংযোগ হোৱাৰ পিছত হাহাকাৰ লাগে যাত্ৰী সকলৰ মাজত। কাৰিকৰী বিজুতিৰ ফলতেই ইঞ্জিনত ভয়াবহভাৱে জুই লাগি বিকল হৈ পৰে ইঞ্জিনটো।

    কামপুৰ-লাওপানী ষ্টেশ্যনৰ মাজত ২ ঘণ্টা ধৰি আৱদ্ধ হৈ থাকে জন শতাব্দী ৰে’লখন। পিছত গুৱাহাটীৰ পৰা অন্য এটা ইঞ্জিন নি ৰে’ল খনৰ পুনৰ যাত্ৰাৰ ব্যৱস্থা কৰে ৰে’ল বিভাগে।

    ৰেল খনত এনে বিজুতি হোৱাৰ পিছত অন্য ৰেল’ সমূহো চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি হয়। কামপুৰ ষ্টেচনতে বহু সময় ধৰি আৱদ্ধ হৈ থাকে কাঞ্চনজংঘা এক্সপ্ৰেছ। আনহাতে চাপৰমুখ জংচনটো আৱদ্ধ হৈ থাকে উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইলকে ধৰি অন্য কেইবাখনো গুৰুত্বপূৰ্ণ ৰেল’।

    Photo And Video Credit: Rupjyoti Bhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং