জম্মু-কাশ্মীৰৰ পল্লনবালা ছেক্টৰত LoCৰ সমীপত এটা IED বিস্ফোৰণ হয়। বিস্ফোৰণত এজন সেনা জোৱান শ্বহীদ হোৱাৰ লগতে ২ গৰাকী জোৱান গুৰুতৰভাৱে আহত হয়। জোৱানসকল সেনা ট্ৰাকত উঠি যোৱাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।
বিস্ফোৰণৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত বৃদ্ধি কৰা হয় সুৰক্ষা ব্যৱস্থা। সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত। বিস্ফোৰণত আহত জোৱানসকলক চিকিত্সাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয়।
জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে গঠন হোৱাৰ পিছৰে পৰা সন্ত্ৰাসবাদীয়ে ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদ বিয়পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ভাৰতৰ সীমান্তৱৰ্তী এলেকাত পাকিস্তানে ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘন কৰি আছে। পাকিস্তানে নছেৰা ছেক্টৰত পুনৰ উলংঘা কৰিলে যুদ্ধ বিৰতি।