26 C
Guwahati
Friday, October 7, 2022
More

    জম্মু-কাশ্মীৰৰ অবন্তীপৰাত হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত, এজন জোৱান ছহীদ

    ইয়াৰ পূৰ্বে কাশ্মীৰৰ ছপিয়ান জিলাত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ ৩টা সন্ত্ৰাসবাদী নিহত হৈছিল

    জম্মু-কাশ্মীৰৰ অবন্তীপৰাত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত এটা সন্ত্ৰাসবাদী নিহত। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন জোৱান আৰু এজন SPO ছহীদ হয়। তথ্য অনুসৰি নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত ২ৰ ৩টা সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল। তাৰ পিছতে সন্ধান অভিযান আৰম্ভ কৰিছিল।

    সংঘৰ্ষৰ সময়ত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীকেইটাক আত্মসমৰ্পণ কৰিবলৈ দিছিল কিন্তু সন্ত্ৰাসবাদীকেইটাই গুলীয়াগুলী আৰম্ভ কৰিছিল। ভাৰতীয় জোৱানৰ দিয়া প্ৰত্যুত্তৰত এটা সন্ত্ৰাসবাদী নিহত হয়।

    ইয়াৰ পূৰ্বে কাশ্মীৰৰ ছপিয়ান জিলাত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ ৩টা সন্ত্ৰাসবাদী নিহত হৈছিল।

    Photo credit: patrika.com/

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং