32 C
Guwahati
Friday, September 30, 2022
More

    সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানে মুকলি কৰি দিলে মাছুদ আজহাৰক

    পাকিস্তানে জম্মু আৰু ৰাজস্থান ছেক্টৰত অতিৰিক্ত সেনাবাহিনী মোতায়ন কৰিছে

    ৰাজস্থান আৰু জম্মু বৰ্ডাৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ আৰু আক্ৰমণৰ আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে ভাৰতীয় চোৰাংচোৱা বিভাগ(IB)-এ। স্থানীয় মিডিয়াই জনোৱা তথ্য অনুসৰি ভাৰতীয় চোৰাংচোৱাৰ দুজন বিষয়াই ক’লে যে পাকিস্তানে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক মুকলি কৰি দিয়ে। লগতে পাকিস্তানে জম্মু আৰু ৰাজস্থান ছেক্টৰত অতিৰিক্ত সেনাবাহিনী মোতায়ন কৰিছে।

    গোপন সূত্ৰৰ ভিত্তিত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছতে ধাৰাৱাহিকভাৱে বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ। ভয়ংকৰ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচি আছে পাকিস্তান আৰু সন্ত্ৰাসবাদী সংগঠনে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চোৰাংচোৱাই ৰাজস্থান-জম্মু সীমান্তত BSF আৰু সেনা বিষয়াক সতৰ্ক হৈ থাকিবলৈ জাননী প্ৰদান কৰিছে।

    Image Credit: hindustantimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং