22 C
Guwahati
Thursday, January 20, 2022
More

    জাগুনৰ অপহৃত বৈকুণ্ঠ সন্দিকৈৰ মুক্তিৰ দাবীৰে ডিগবৈত তীব্ৰ প্ৰতিবাদ

    বৈকুণ্ঠ সন্দিকৈ নামৰ যুৱকজনক অসম অৰুণাচল প্ৰদেশ সীমান্ত এলেকা খামডু বস্তিৰ পৰা দিনৰ ভাগতে এটা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত উগ্ৰপন্থী দলে কৰ্মস্থলীৰ পৰা অপহৰণ কৰি লৈ যায়

    জাগুনত অপহৰণ হোৱা বৈকুণ্ঠ সন্দিকৈৰ ১৮দিনৰ পাছতো নাই কোনো শুংসূত্ৰ। পৰিয়ালৰ লগতে স্থানীয় লোকৰ দ্বাৰা শিলৰ কুঁৱেৰীৰ মালিক ৰাজু খানৰ ডিগবৈস্থিত বাসগৃহ ঘেৰাও। যোৱা ১১ ফেব্ৰুৱাৰীতে তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকী অন্তৰ্গত দহ মাইল পাৰ্বতিপুৰৰ নিৱাসী তৰুণ সন্দিকৈৰ জ্যেষ্ঠ পুত্ৰ বৈকুণ্ঠ সন্দিকৈ(৩২) নামৰ যুৱকজনক অসম অৰুণাচল প্ৰদেশ সীমান্ত এলেকা খামডু বস্তিৰ পৰা দিনৰ ভাগতে এটা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত উগ্ৰপন্থী দলে কৰ্মস্থলীৰ পৰা অপহৰণ কৰি লৈ যায়।

    কিন্তু বৈকুণ্ঠ সন্দিকৈ অপহৰণৰ ১৮ দিন উকলি যোৱাৰ পিছতো বৰ্তমানলৈকে কোনো শুংসূত্ৰ নোপোৱাত যুৱকজনৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্যৰ পৰিৱেশে বিৰাজ কৰিছে। শুক্ৰবাৰে বৈকুণ্ঠ সন্দিকৈৰ পৰিয়ালৰ লগতে স্থানীয় শতাধিক পুৰুষ মহিলাই শিলৰ কুঁৱেৰীৰ মালিক ৰাজু খানৰ ডিগবৈস্থিত বাসগৃহত উপস্থিত হৈ ঘৰ ঘেৰাও কৰাৰ লগতে বৈকুণ্ঠ সন্দিকৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনায়।

    অপহৃত বৈকুণ্ঠ সন্দিকৈ ডিগবৈৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজু খানৰ শিলৰ কুৱেৰীৰ মহৰী হিচাপে প্ৰায় দহ বছৰ ধৰি কৰ্মৰত আছিল। কিন্তু বৈকুণ্ঠ অপহৰণ হোৱাৰ পাছৰ পৰা উক্ত ব্যৱসায়ী ৰাজু খানে বৈকুণ্ঠ পৰিয়ালৰ কোনো সদস্যক সাক্ষাৎ কৰিবলৈ নহা কাৰ্য্যত ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং