যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অসমৰ ৰাজ্যপাল জগদীশ মুখী উপস্থিত হৈ বুজ ল’লে চিকিৎসা মহাবিদ্যালয়খনৰ। চিকিৎসা মহাবিদ্যালয়খনৰ বুজ লোৱাৰ পিছতেই ব্যক্ত কৰে মিশ্ৰিত ফল। ৰোগীৰ লগত এটেণ্ডেণ্ট একেলগে থকাক লৈ সুখী নহয় ৰাজ্যপালগৰাকী।
দিনত ৩বাৰহে ৰোগীক লগ ধৰাৰ ব্যৱস্থা কৰিব ৰাজ্যপালগৰাকীয়ে। এটেণ্ডেণ্টৰ বাবে সুকীয়া হল ঘৰ নিৰ্মাণ কৰিব বুলিও ঘোষণা জগদীশ মুখীৰ। নিউৰ’লজি বিভাগত নিউৰ’ চাৰ্জন আছে কিন্তু নিউৰ’লজিষ্ট নাই। আনহাতে কাৰ্ডিয়’লজি বিভাগটো কাৰ্ডিয়’লজিষ্ট আছে কিন্তু কাৰ্ডিয়’ চাৰ্জন নাই। তদুপৰি চিকিৎসা মহাবিদ্যালয়খনত মৰ্গত কল্ড ষ্ট’ৰেজৰো সোনকালে ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে মুখীয়ে।
Photo: Time8
Input: Rituraj Phukan