29 C
Guwahati
Wednesday, March 22, 2023
More

    প্ৰথমগৰাকী ভাৰতীয় হিচাপে যাদৱ পায়েঙলৈ ‘POINTS OF LIGHT’ বঁটা

    ব্ৰিটিছ ডিপুটি হাই কমিছনাৰে যাৱদ পায়েঙৰ কৰ্মৰাজিৰ বাবে এই সন্মান আগবঢ়াই

    পদ্মশ্ৰী যাদৱ পায়েঙলৈ ব্ৰিটিছ হাই কমিচনৰ ‘POINTS OF LIGHT’ বঁটা। এই বঁটা লাভ কৰা অৰণ্য মানৱ যাদৱ পায়েং হৈছে প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি। কালি নিশা গুৱাহাটীত ফৰেষ্ট মেন অৱ ইণ্ডিয়া খ্যাত পায়েঙক ১২৮ সংখ্যক কমনৱেল্থ পইণ্ট ইৱ লাইট বঁটাৰে সন্মান জনোৱা হয়।

    ব্ৰিটিছ ডিপুটি হাই কমিছনাৰে যাৱদ পায়েঙৰ কৰ্মৰাজিৰ বাবে এই সন্মান আগবঢ়াই। পায়েঙক এই সন্মান যাচিবৰ বাবেই ব্ৰিটিছ কমিছনাৰে গুৱাহাটীত এক বিশেষ সন্মান সমাৰোহৰ আয়োজন কৰে। এই সমাৰোহৰ গুৰু দ্বায়িত্ব বহন কৰে কলিকতাস্থিত ব্ৰিটিছ ডিপুটি হাই কমিছনাৰৰ কনছুল জেনেৰেল নিক ল’য়ে।

    Photo Credit: @UKinKolkata

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং