যোৰহাটৰ ফুকন আলিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ঘৰৰ চিলিঙত চিপ লৈ আত্মহত্যা এজন যুৱকৰ। যোৰহাট আই টি আইৰ ছাত্র আছিল আত্মহনন কৰা যুৱকজন। ছাত্ৰজনৰ নাম পল্লব গগৈ।
ছাত্ৰজনৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সাপতিয়াত। অৱশ্যে আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। প্ৰায় ১ বছৰ ধৰি যোৰহাটৰ এই ঘৰটোতে পেয়িং গেষ্ট ৰূপে বাস কৰি আছিল যুৱকজনে।
লক ডাউনৰ পূৰ্বে ঢকুৱাখনাৰ নিজ ঘৰলৈয়ো গৈছিল যদিও পুণৰ ১ মাহ মানৰ পূৰ্বে ঘুৰি আহিছিল যুৱকজনে। কালি যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ নিজ কার্যালয়ত মৃতদেহ উদ্ধাৰৰ পিচত আজি এজন ছাত্রৰ আত্মহত্যাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Input Credit: @Ritu Raj Phukan
Photo Credit: Time8 webdesk