22 C
Guwahati
Sunday, December 5, 2021
More

    কৰ’ণা আতংক: ISISয়েও মহামাৰীৰ পৰা বাচি থাকিবলৈ সতৰ্কতা জাৰি কৰিছে সন্ত্ৰাসবাদী সকলৰ মাজত

    ISISৰ মন্তব্য এই প্ৰাণহানী মহামাৰী নিজে নিজে বিয়পি নপৰে, ওপৰৱালাৰ ইচ্ছা অনুসৰিহে সংক্ৰমণ হয়

    কৰ’ণাক লৈ এতিয়া সৰ্বত্ৰে বিৰাজ কৰিছে সতৰ্কতা। পিছ পৰি ৰোৱা নাই সন্ত্ৰাসবাদী সকলো। দুধৰ্ষ সন্ত্ৰাসবাদী গোট আই এছ আই এছেও জাৰি কৰিছে কৰ’ণা ভাইৰাছৰ সতৰ্কতাৰ জাননি। আনহাতে নিষেধাজ্ঞা জাৰি কৰিছে যাত্ৰাৰ ক্ষেত্ৰতো।

    খাদ্য খোৱাৰ পূৰ্বে হাত ধুবলৈ আৰু জ্বৰ হোৱা, কাহ হোৱা আদি লোকৰ পৰা আতৰত থাকিবলৈ আহ্বান জনাইছে লগতে নিজৰো কাহ হলে কাপোৰেৰে মুখ ঢাকিবলৈ কৈছে। আনহাতে সকলোকে বিশ্বাস ৰাখিবলৈ দিছে ভগৱানৰ ওপৰত যাতে এই মহামাৰীৰ পৰা আঁতৰত ৰাখে নেদেখাজনে।

    সন্ত্ৰাসবাদী গোট আই এছ আই এছে এই জাননি জাৰি কৰিছে সন্ত্ৰাসবাদী সমুদায়ৰ বাতৰি কাকত ‘অল-নবা'(al-Naba)ৰ নৱ তম সংস্কৰণত।

    এই জাননি অনুসৰি বিশ্বৰ অন্য প্ৰশাসন সমূহৰ দৰেই প্ৰথমতে, “অসুখত ভোগা লোকৰ পৰা আতঁৰত থাকা”, “খাদ্যৰ পূৰ্বে হাত ধোৱা”, “সংক্ৰিত এলেকাত যোৱাৰ পৰা নিজকে ৰক্ষা কৰা” আৰু “ভগৱানত বিশ্বাস ৰাখি তেওঁৰ ওচৰত শৰণ লোৱা”।

    ভগবানৰ ওপৰত অতিপাত বিশ্বাস ৰখা এইসকল সন্ত্ৰাসবাদীৰ বাতৰি কাকত খনৰ জৰিয়তে ইয়াকো কয় যে, এই প্ৰাণহানী মহামাৰী নিজে নিজে বিয়পি নপৰে, ওপৰৱালাৰ ইচ্ছা অনুসৰিহে সংক্ৰমণ হয়।

    Photo Credit:Business insider

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং