জনসিঞ্চন বিভাগে চেকচন এচিষ্টেন পদৰ বাবে অনুস্থিত কৰা পৰীক্ষাত কোনো খেলিমেলি বা প্ৰশ্ন কাকত ফাদিল হোৱা নাই। একাংশ বিৰোধীয়ে জনসিঞ্চন বিভাগটোক আৰু চৰকাৰক বদনাম কৰাৰ বাবেহে এনেদৰে অপপ্ৰচাৰ কৰিছে। এই মন্তব্য জলসিঞ্চন মন্ত্ৰী ভৱেন কলিতাৰ।
পৰীক্ষা নীতি নিয়মৰ মাজেৰে মুক্ত ভাবে অনুস্থিত কৰা হৈছে। লগতে মন্ত্ৰীগৰাকীয়ে এয়াকো কয় যে, এয়া কংগ্ৰেছ চৰকাৰ নহয় যে টকা লৈ চাকৰি দিব। পৰীক্ষাৰ দুয়োটা দিনতে ক’তো কোনো খেলিমেলি হোৱা নাই। ছচিয়েল মিডিয়াত একাংশই চৰকাৰৰ বদনামৰ বাবে ভিত্তিহীন অপপ্ৰচাৰ চলাইছে। পৰীক্ষা অনুষ্ঠিত কৰা কৰা সংস্থাটোও ব্লেক লিষ্টেট নহয়।
Photo Credit: irrigation.assam.gov.in