28 C
Guwahati
Wednesday, October 27, 2021
More

    ৪০০ৰো অধিক লোকৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ পদত্যাগ; ঘটনাৰ প্ৰকৃত কাৰণে আপোনাকো কৰি তুলিব মৰ্মাহত

    সংসদত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰি আদেল আব্দুল মহেদীয়ে কয় যে তেওঁ এই পদৰ বাবে একেবাৰে যোগ্য নহয়, যিহেতু তেওঁ কোনো ধৰণৰ সমস্যাৰে সমাধান উলিয়াব নোৱাৰিলে

    সমগ্ৰ দেশ খনেই বৰ্তমানে গৃহযুদ্ধৰে জৰ্জৰিত । পিছে ঘটনাৰ প্ৰকৃত কাৰণ গৃহযুদ্ধ নহয়, নিবনুৱা সমস্যা হে । দেশ খনত নিবনুৱা সমস্যা ইমানেই বৃদ্ধি পাইছে যে, এতিয়া এটা মাত্ৰ কামৰ সন্ধানত ইজনে সিজনক মাৰি পেলাবলৈয়ো কুণ্ঠাবোধ কৰা নাই ।

    ভাৰতবৰ্ষত এই নিবনুৱা সমস্যা বৃদ্ধি পালেও ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰা নাই বৰ্তমানলৈকে । এটা সাধাৰণ চাফাই কৰ্মীৰ চাকৰিৰ বাবে হাজাৰ হাজাৰ উচ্চ শিক্ষিত নিবনুৱাই নাম আৱেদন কৰিলেও সেই দেশ খনত আৱেদন কৰিবলৈয়ো কোনো চাকৰি নহোৱাৰ দৰে।

    এই ঘটনা ইৰাক দেশৰ । বিগত ৬০ দিন ধৰি দেশ খনত হৈ আছে নিবনুৱা সকলৰ প্ৰতিবাদ । এই প্ৰতিবাদৰ ফলত দেশখনত ইমানেই অধিক জুইৰ দাৱানল উঠিছে যে, বিগত কিছু দিনৰ ভিতৰতেই প্ৰায় ৪০০ ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু আহত হৈছে ১৫০০০ ৰো অধিক লোকৰ ।

    দেশ খনত দেখা দিয়া এই ভয়াবহ সমস্যাৰ কোনো এটা সমাধান উলিয়াব নোৱাৰি নিজৰ প্ৰধানমন্ত্ৰী পদেই এৰি দিয়ে আদেল আব্দুল মহেদীয়ে । সংসদত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰি আদেল আব্দুল মহেদীয়ে কয় যে তেওঁ এই পদৰ বাবে একেবাৰে যোগ্য নহয়, যিহেতু তেওঁ কোনো ধৰণৰ সমস্যাৰে সমাধান উলিয়াব নোৱাৰিলে ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং