INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত শুনানি গ্ৰহণ। বৃহস্পতিবাৰে CBI-এ প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ আবেদন জনাইছিল যদিও পি চিদাম্বৰমৰ অধিবক্তা কপিল ছিব্বলে ইয়াৰ বিৰোধিতা কৰিছিল। অধিবক্তা কপিল ছিব্বলে আদালতত ক’লে যে CBI-এ ক’ব লাগিব যে পি চিদাম্বৰমক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয়তা কি?
উল্লেখ্য যে, পি চিদাম্বৰমক ৫ ছেপ্টেম্বৰলৈ CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল।