CBIৰ জিম্মাত আছে INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম। দিল্লী উচ্চ ন্যায়ালয়ৰ পিছত উচ্চতম ন্যায়ালয়ৰ পৰাও খালে মুখ থেকেচা।
ছুপ্ৰিম ক’ৰ্টে দিল্লী হাই ক’ৰ্টৰ দ্বাৰা চিদাম্বৰমৰ অন্তৱৰ্তী জামিন বাতিল হোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা আবেদন পত্ৰ খাৰিজ কৰিছে।
ন্যায়াধীশ আৰ ভানুমতি নেতৃত্বাধীন বিচাৰপীঠে চিদাম্বৰমৰ আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিলে। INX মিডিয়া কেলেংকাৰীক লৈ জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানা তথা সোমবাৰলৈ চিবিআইৰ জিম্মালৈ প্ৰেৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল চিদাম্বৰমে। শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে ED–এ ৰুজু কৰা গোচৰত চিদাম্বৰমক সোমবাৰলৈ গ্ৰেপ্তাৰী পৰোৱানাৰ পৰা ৰেহাই দিছিল।
Guwahati | Edited by: Dulu Medhi