25 C
Guwahati
Thursday, October 21, 2021
More

    BREAKING: ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা বৃদ্ধি; পূৰ্বে আছিল ২৪ ঘণ্টা

    আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে

    ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা বৃদ্ধি। ৪৮ ঘণ্টালৈ বৃদ্ধি কৰা হ’ল ইণ্টাৰনেট বন্ধৰ সময়। পূৰ্বে ২৪ ঘণ্টাহে দিছিল ইণ্টাৰনেট সেৱা। আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে।

    বুধবাৰৰ সন্ধিয়া ৯ বজাৰ পৰা বন্ধ হৈ পৰিছিল ইণ্টাৰনেট সেৱা। জিলা প্ৰশাসনে জাৰি কৰা এক জাননী অনুসৰি পূৰ্বে বন্ধৰ সময়সীমা আছিল বুধবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা বৃহস্পতিবাৰৰ সন্ধিয়া ৭ বজালৈ। কিন্তু পুনৰ ৰাজ্যৰ অশৃংখল পৰিস্থিতিক লক্ষ্য কৰি ইয়াৰ সময়সীমা বৃদ্ধি কৰাই ৪৮ ঘণ্টা কৰা হ’ল।

    উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছৰে পৰা উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। টায়াৰ জ্বলাই, পথ অৱৰোধ কৰি, প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং