27 C
Guwahati
Friday, May 20, 2022
More

    আন্তৰ্জাতিক নাৰী দিৱস “লিংগবৈষম্যহীন সম অধিকাৰৰ সমাজ নির্মাণ” দেশৰ মহিলাসকলক সম্বোধন কৰিব মোদীয়ে

    আজি নাৰী শক্তিক সন্মানেৰে বিভূষিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    আজি আন্তৰ্জাতিক নাৰী দিৱস। ২০২০ বৰ্ষৰ এইবাৰৰ নাৰী দিৱসৰ মূল বিষয় হিচাপে বাছনি কৰা হৈছে, লিংগবৈষম্যহীন সম অধিকাৰৰ সমাজ নির্মাণ। আনহাতে আজি নাৰী শক্তিক সন্মানেৰে বিভূষিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

    ১৯১০ চনত আৰম্ভ হোৱা আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চৰ এই দিনটোত এক উদ্দেশ্য আৰু তাৎপর্য বহন কৰে। এই দিনটোৰ লক্ষ্য বৰ্তমানে কেৱল নাৰীৰ সমঅধিকাৰে হৈ থকা নাই। আজিকালি নাৰীৰ শক্তিকো প্ৰাধান্য দিয়া হয়।

    পূৰ্বতে নাৰী বিবাহপূৰ্ব অৱস্থাত পিতৃৰ, বিবাহৰ পাছত স্বামীৰ আৰু বৃদ্ধাৱস্থাত পুত্ৰৰ অধীন আছিল। নাৰীক অৰ্থনৈতিকভাৱেও শোষণ কৰা হৈছিল। পিছে আজিৰ শিক্ষিতা নাৰী নিজৰ ভৰিৰ ওপৰত থিয় দিয়াই নহয়, সমাজৰো আগত থিয় দি এখন সমাজ আগবঢ়াই নিবলৈ সক্ষম।

    পোনপ্ৰথমবাৰৰ বাবে ফ্ৰান্সত শ্ৰমজীৱী নাৰীসকলে ওঠৰ শতিকাতে নাৰীৰ বাবে জীৱিকা অৰ্জনৰ সুবিধা আৰু সমঅধিকাৰৰ দাবী তুলিছিল। লগতে পৰিয়াল তথা সমাজৰ নিষেধাজ্ঞা অমান্য কৰি পুৰুষৰ সমানে ভোটাধিকাৰ দিব পৰা সমতা আনাৰ বাবে প্ৰতিবাদ কাৰ্যসূচীত অংশ লৈছিল। অৱশেষত বহুতো প্ৰতিবাদৰ পিছত নাৰীক ভোটাধিকাৰ দিয়া হৈছিল। এই বিপ্লৱ জুলিয়ান কেলেণ্ডাৰৰ মতে ২৩ ফেব্ৰুৱাৰীত হৈছিল যদিও সেই দিনটো গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ মতে ৮ মাৰ্চ আছিল। সেয়ে ৮ মাৰ্চৰ দিনটো নাৰীৰ এক বিশেষ দিন হিচাপে চিহ্নিত হৈ পৰে।

    ৰাষ্ট্ৰসংঘইয়ো নাৰীৰ সত্বাক সন্মান জনাই ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰে। কেৱল সেয়ে নহয় ১৯৭৫-১৯৮৫ চনলৈ সমগ্ৰ দশকটো নাৰী দশক হিচাপে ঘোষণা কৰে।

    তেতিয়াৰ পৰাই প্ৰতিবছৰে নাৰী সকলৰ বাবে এই দিনটো উদযাপন কৰি অহা হৈ আছে। পূৰ্বতে নাৰী অধিকাৰ, নাৰী শিক্ষা, নাৰী সমতা আদি বোৰ প্ৰধান বিষয় আছিল। এতিয়া সেই সমতাবোৰক স্বীকৃত দিয়াটো প্ৰধান কাম হৈ পৰিছে। কিয়নো আজিও কিছু কিছু ঠাইত নাৰীৰ সমতা স্থাপনৰ কথা দোহাৰি থাকিলেও শোষিত হৈ আছে। সমঅধিকাৰ কেৱল কাগজে পত্ৰইহে থাকি গৈছে।

    সেয়ে এইবৰ্ষৰ ২০২০ৰ নাৰী দিৱসৰ উদ্দেশ্য আৰু তাৎপর্য হিচাপে লোৱা হৈছে লিংগবৈষম্যহীন সম অধিকাৰৰ সমাজ নির্মাণ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি দেশৰ মহিলাসকলক সম্বোধন কৰিব। সন্মানেৰে বিভূষিত কৰিব নাৰী শক্তিক।

    Photo Credit: tiem8 desk

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং