26 C
Guwahati
Saturday, October 1, 2022
More

    আজি বিশ্বৰ প্ৰথমটো আন্তৰাষ্ট্ৰীয় চাহ দিৱস, জানো আহক চাহৰ বিষয়ে কিছু নজনা কথা

    অন্তঃসত্বা মহিলাই চাহ পান কৰিলে ক্ষতিৰ আশংকা কৰিব পাৰি

    আজি বিশ্বৰ প্ৰথমটো আন্তৰাষ্ট্ৰীয় চাহ দিৱস। ২০১৯ চনৰ ২১ মে’ দিনটোতেই এই দিৱস গৃহীত হৈছিল। বিশ্বৰ চাহ উদ্যোগৰ প্ৰসাৰৰ উদ্যশ্যেই এই আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এই দিৱসৰ লগত আন ঠাইৰ কোনো সম্বন্ধ থাকক বা নাথাকক অসম ইয়াৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত।

    অসমৰ খেতিৰ প্ৰায় ৬০ শতাংই চাহ খেতিৰ সৈতে জড়িত। পিছে এই চাহত এনে কি আছে যে, এই পানীয় বিধৰ নামত এটা দিৱসেই ঘোষণা কৰিব লগা হৈছে। বহুতো গৱেষণা আৰু অধ্যয়নৰ অন্তত বিজ্ঞানসন্মতভাৱে নিশ্চিত হৈ পৰিছে যে চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে।

    ক্লান্তি দূৰ কৰিব পৰা শক্তি থকা এই চাহত বা চাহপাতত মজুত থাকে চেলুল’জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ। শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহৰ অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেলৰি বৃদ্ধি পায়।

    পিছে যিদৰে ইয়াৰ বহু উপকাৰীতা আছে ইয়াৰ বহু অপকাৰীতাও আছে। অৱশ্যে অত্যাধিক চাহ সেৱনৰ ফলত আমাৰ শৰীৰত ক্ষতি হ’ব পাৰে। ই হাড় দুৰ্বল কৰে, ডিহাইড্ৰেচন হ’ব পাৰে, নিচাগ্ৰস্ততা, নিদ্রাহীনতা, কিডনি নষ্ট হ’ব পাৰে, কেন্সাৰৰো আশংকা থাকে অত্যধিক চাহ সেৱনৰ ফলত।

    আনহাতে গাখীৰৰ সৈতে চাহপাত দি চাহ খোৱাৰ ফলত গাখীৰত থকা ‘কিজন’ নামৰ পদার্থবিধৰ লগত ‘টেনিন’ লগ হৈ এক ক্ষতিকাৰক ৰাসায়নিক পদার্থৰ সৃষ্টি কৰে। যিয়ে আপোনাৰ বদহজমি অথবা গেছৰ অসুবিধা কৰিব পাৰে। বিশেষকৈ অন্তঃসত্বা মহিলাই চাহ পান কৰিলে ক্ষতিৰ আশংকা কৰিব পাৰি। লগতে উচ্চ ৰক্তচাপত ভুগি থকাসকলে অধিক চাহ সেৱন কৰাটো ভাল নহয় বুলি কোৱা হয়।

    ইয়াৰ উপৰিও চাহত টেনিন থকাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিয়ে। সাধাৰণতে টেনিন ‘গ্রীণ টী’ত বেছি পৰিমাণে থাকে। শৰীৰত যাতে টেনিন প্রৱেশ কৰিব নোৱাৰে সেই কাৰণে চাহ পানীত বেছি সময় সিজাব লাগে।

    Photo credit: Daily mirror , medical news today, iriish mirror

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং