লক ডাউনৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ বৰপথাৰৰ নিজ বাসগৃহতে সময় পাৰ কৰিছে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মহিলা বক্সাৰ লাভলীনা বৰগোঁহায়ে৷ মহামাৰী কৰ’ণা ভাইৰাছৰ বিভীষিকাৰ ফলত অনুশীলনৰ পৰা আঁতৰি নিজা ঘৰতে সময় কটোৱা লাভলীনাই এই লক ডাউনৰ সময়চোৱাত দেখুৱাইছে মানৱীয়তাৰ নিদৰ্শন৷ লক ডাউনৰ ফলত এমুঠি অন্নৰ বাবে বিপদৰ সন্মুখীন হোৱা অভাৱগ্ৰস্ত পৰিয়ালসমূহলৈ আগন্তুক টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা মহিলা বক্সাৰ গৰাকীয়ে আগবঢ়াইছে সহায়ৰ হাত৷

সোমবাৰে লাভলীনাই পিতৃ টিকেন বৰগোঁহাইৰ সহযোগত নিজ বাসগৃহৰ চুবুৰীয়া মানুহখিনিৰ লগতে বাৰমুখীয়া, পাভজান, চকলি আদি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰি অভাৱগ্ৰস্ত সকললৈ সহায়ৰ হাত আগবঢ়ায়৷ খেলুৱৈগৰাকীয়ে ইতিমধ্যে অসম আৰোগ্য নিধিলৈও ৩৫০০১ টকাৰ অনুদান আগবঢ়োৱা বুলি জানিবলৈ দিয়ে৷

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লাভলীনাই অসমবাসীক সজাগ আৰু সচেতনতা অৱলম্বন কৰি লক ডাউনৰ সময় চোৱাত ঘৰৰ ভিতৰতে সোমাই থাকি চৰকাৰক সহযোগ আৰু নিজে সুৰক্ষিত থাকিবলৈ আহ্বান জনাইছে।