23.7 C
Guwahati
Thursday, October 6, 2022
More

    আমোদজনক! এটা সাধাৰণ দুৰ্ঘটনাই বেয়াকৈ বিপদত পেলালে এজন লোকক

    খাৰুপেটীয়া দিশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল দুৰ্ঘটনাগ্ৰস্থ বাহনখন

    দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনিয়াত সংঘটিত হয় এটা দুৰ্ঘটনা। পিছে এই দুৰ্ঘটানাই মহা বিপদত পেলালে এজন লোকক। পিছে এই বিপদে বহুতকে দিলে আমোদ। আজিৰ দিনটোত প্ৰথমে সৌভাগ্যই লগ দিলেও পিছত কপাল বেয়া ওলাল এজন লোকৰ।

    খাৰুপেটীয়া দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন ছেণ্ট্ৰ’ আৰু DI বাহনৰ মুখামুখি সংঘৰ্ষ। পিছে এই সংঘৰ্ষত কাৰোৰে কোনো ধৰণৰ বিশেষ ক্ষয় ক্ষতি হোৱা নাই। স্বাস্থ্যজনিত ক্ষতি নহ’লেও, বহু টকাৰ ক্ষতি এগৰাকী বিশেষ ব্যক্তিৰ।

    কিয়নো দুর্ঘটনা সংঘটিত হোৱা ছেণ্ট্ৰ’ খনৰ পৰা উদ্ধাৰ প্ৰায় এক কুইণ্টলৰো অধিক গাঞ্জা। হয়, প্ৰথমে অতি সহজে সকলো আৰক্ষীৰ তালাচী পাৰ কৰি আহিলেও কপাল বেয়া থকাত দুৰ্ঘটনাটো সংঘটিত হয়। আৰু দুৰ্ঘটনা সংঘটিত হোৱাত আৰক্ষী উপস্থিত হৈ আহত লোক উদ্ধাৰ কৰাৰ সলনি উদ্ধাৰ কৰে গাঞ্জা।

    AS 03 E 2286 নম্বৰৰ ছেণ্ট্ৰ’ খন বিপৰীত দিশৰ পৰা অহা AS 25 CC 2799 DI খনক খুন্দা মাৰে। খুন্দা মৰাৰ পিছতে বাহন খনত গাঞ্জা থকাৰ কথা পোহৰলৈ আহে। লগে লগে মঙলদৈ আৰক্ষীয়ে বাহন সহ জব্দ কৰি লৈ যায় গাঞ্জা খিনি। ছেণ্ট্ৰ’ খনৰো ৰং সলাই লোৱাৰ সন্দেহ ব্যক্ত আৰক্ষীৰ। কাৰণ গাড়ী খনৰ নম্বৰ প্লেটৰ তলত আন এখন নম্বৰ প্লেট পোৱা গৈছে।

    Photo Credit: @soumyajitpurkayastha

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং