25 C
Guwahati
Thursday, October 6, 2022
More

    ইন্টাৰনেট বন্ধৰে ভাৰতৰ বিশ্ব ৰেকৰ্ড, ১৩৬দিনে বন্ধ কাশ্মীৰত ইন্টাৰনেট সেৱা

    ২০১৪ চনৰ পৰা বৰ্তমানলৈ ভাৰতত ইন্টাৰনেট সেৱাক মুঠ ৩৫৭ বাৰ কৰ্তন কৰা হৈছিল

    ইন্টাৰনেট বন্ধৰে ভাৰতৰ বিশ্ব ৰেকৰ্ড, পৃথিৱীৰ গণতান্ত্ৰিক দেশ সমূহৰ ভিতৰত দীৰ্ঘতম ইন্টাৰনেট নিষিদ্ধকৰণ কাশ্মীৰত। ইয়াৰ বাহিৰে চীন আৰু ম্যানমাৰৰ দৰে কৰ্তৃত্ববাদী চৰকাৰেহে বহু দিনলৈ বন্ধ ৰাখিছিল ইন্টাৰনেট। কাশ্মীৰত হৈ থকা সন্ত্ৰাসবাদী কাৰ্যকালাপ আৰু ৩৭০ অনুচ্ছেদ বাহাল আৰু প্ৰত্যাহাৰৰ বাবেই এইদৰে বহুদিন ধৰি বন্ধ কৰি ৰখা হৈছে ইন্টাৰনেট সেৱা। ৰাজ্যখনত একেলেথাৰিয়ে ১৩৬ দিন বন্ধৰে মুঠ চাৰি মাহ অতিক্ৰম কৰিলে ইন্টাৰনেট সেৱা কৰ্তন কৰা।

    উল্লেখ্য যে, চলিত বৰ্ষটোত ভাৰতৰ বিভিন্ন ঠাইত বৰ্তমানলৈ ৯৩বাৰ ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল, যাৰ বাবে মুঠ ১৬৭ খন ঠাই প্ৰভাৱিত হৈছিল। লগতে ২০১৮ বৰ্ষত ইন্টাৰনেট বন্ধ কৰাৰ হাৰ ৬৭ শতাংশৰে ভাৰতবৰ্ষত সকলোতকৈ অধিক আছিল। ২০১৪ চনৰ পৰা বৰ্তমানলৈ ভাৰতত ইন্টাৰনেট সেৱাক মুঠ ৩৫৭ বাৰ কৰ্তন কৰা হৈছিল।

    Photo Credit: insider.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং