27 C
Guwahati
Wednesday, December 1, 2021
More

    মহিলা বিশ্বকাপত ইতিহাস, নেখেলাকৈয়ে ফাইনেল পালে ভাৰতীয় দলে

    এটা মাত্ৰ নিয়মে বৰদান হৈ আহিল ভাৰতীয় দলৰ বাবে

    ইতিহাস ৰচি প্ৰথমবাৰলৈ ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰৱেশ কৰলে টি–২০ বিশ্বকাপৰ ফাইনেলত। ভাৰত আৰু ইংলেণ্ডৰ মাজত বৃহস্পতিবাৰে হ’বলগীয়া ছেমি ফাইনেল খেলখন বৰষুণৰ বাবে বিঘ্নিত হয়। ইয়াৰ পিছতে টছ নোহোৱাকৈয়ে ফাইনেল পায় ভাৰতীয় মহিলা দলটোৱে। এটা মাত্ৰ নিয়মৰ ববেই এইদৰে বিপৰীত পক্ষত শক্ৰিশালী ইংলেণ্ড থকা সত্বেও নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ।

    গ্ৰুপ পৰ্যায়ত পইণ্ট তালিকাৰ শীৰ্ষত থকা বাবেই ভাৰতে ফাইনেলত স্থান নিশ্চিত কৰে। ‘গ্ৰুপ এ’ৰ পইণ্ট তালিকাত চাৰিখন খেলত জয়েৰে ভাৰতে লাভ কৰিছে ৮ পইণ্ট। আনহাতে, ‘গ্ৰুপ বি’ত ইমলেণ্ড দলে তিনিখন খেলত বিজয় সাব্যস্ত কৰি লাভ কৰিছিল ৬ পইণ্ট। পইণ্টৰ ভিত্তিতে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ভাৰত।

    ৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত ভাৰত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলৰ বিজয়ী দলৰ। কিন্তু বৰষুণৰ বাবে দ্বিতীয়খন ছেমি ফাইনেলো পৰিত্যক্ত হোৱাৰ সম্ভাৱনা আছে। যদি তেনেকুৱা হয়, তেন্তে গ্ৰুপত শীৰ্ষত থকা দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত হ’ব ফাইনেল খেল।

    Photo Credit: NabodayaTimes

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং