25 C
Guwahati
Thursday, October 21, 2021
More

    মুছলমানৰ দীঘল দাঢ়ি কাটিবলৈ নিৰ্দেশ এখন আৰক্ষী থানাত; কিন্তু ক’ত ?

    এই সিদ্ধান্তৰ পিছতেই স্থানীয় মুছলমান সমাজৰ মাজত এক অৰাজকতাই দেখা দিছে। অলবৰৰ মুছলমান সমাজৰ নেতা শ্বেৰ মহম্মদে এই নিৰ্দেশনা মুছলমানৰ প্ৰতি ঘোৰ অপমান বুলি মন্তব্য কৰিছে। উল্লেখ্য যে, এই বিষয়টো লৈ পূৰ্বেও বিবাদ পৰিলক্ষিত হৈছিল

    কৰ্তব্যৰত অৱস্থাত দাঢ়ি ৰাখিব নোৱাৰিব মুছলমান সম্প্ৰদায়ৰ আৰক্ষীয়ে। মুছলমান সম্প্ৰদায়ৰ আৰক্ষীয়ে ৰখা দীঘল দাঢ়ি এতিয়াৰ পৰা নচলিব বুলি নিৰ্দেশ জাৰি কৰা হৈছে। কৰ্মৰ সময়ত সম্পূৰ্ণ কাটি পেলাব লাগিব মুখৰ দাঢ়ি। এই নিৰ্দেশ জাৰি কৰিছে ভাৰতৰে এখন আৰক্ষী থানাত। এই নিৰ্দেশনাৰ পিছতে স্থানীয় মুছলমান সমাজৰ মাজত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। এই ঘটনাটি সংঘটিত হৈছে নতুন দিল্লীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত অলবৰ চহৰত।

    চহৰখনৰ স্থানীয় আৰক্ষী চকীত বিষয়াই দাঢ়ি মোচ ৰখাৰ আদেশ দিছিল যদিও পৰৱৰ্তী সময়ত সেই আদেশ উঠাই লয়। আৰক্ষী অধিক্ষক অনিল পাৰিশে তেওঁৰ আৰক্ষী চকীৰ ৩২জন আৰক্ষী জোৱানক দাঢ়ি ৰাখিবলৈ কৈছিল। কিন্তু পিছত তাৰে ৯ জন আৰক্ষী বিষয়াৰ পৰা তেওঁলোকৰ বিশেষাধিকাৰ কাঢ়ি লোৱা হয়।
    আৰক্ষী অধিক্ষক অনিল পাৰিশে এই বিষয় সন্দৰ্ভত কয় ”অকল নামত নিৰপেক্ষ হ’লে নহব’,দেখাতো নিৰপেক্ষ হ’ব লাগিব।”

    এই সিদ্ধান্তৰ পিছতেই স্থানীয় মুছলমান সমাজৰ মাজত এক অৰাজকতাই দেখা দিছে। অলবৰৰ মুছলমান সমাজৰ নেতা শ্বেৰ মহম্মদে এই নিৰ্দেশনা মুছলমানৰ প্ৰতি ঘোৰ অপমান বুলি মন্তব্য কৰিছে।
    উল্লেখ্য যে, এই বিষয়টো লৈ পূৰ্বেও বিবাদ পৰিলক্ষিত হৈছিল। ২০১৬ চনত ৰমজান মাহত আৰক্ষী বিষয়াক দাঢ়ি ৰখাৰ বাবে অনুমতি দিছিল কিন্তু দীঘল দাঢ়ি স্থায়ীভাৱে ৰখাৰ বাবে কৰা আবেদন নাকচ কৰা হৈছিল। যাৰ বাবে এই বিষয়টো গৈ ন্যায়ালয়ৰ ওচৰো চাপিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং