27 C
Guwahati
Thursday, September 22, 2022
More

    ছৌদী আৰৱঃ ক’ৰোনা ভাইৰাছত আক্ৰান্ত ভাৰতীয় মহিলা, কিন্তু এই ভাইৰাছ চীনতকৈ পৃথক

    বৈদেশিক ৰাজ্য মন্ত্ৰীয়ে ক'লে যে এই ভাইৰাছত আক্ৰান্ত নাৰ্ছগৰাকীৰ চিকিত্সা অচীৰ নেচনেল হাস্পতালত চলি আছে আৰু মহিলাগৰাকী স্বাস্থ্য এতিয়া যথেষ্ট উন্নত হ'বলৈ ধৰিছে

    বৈদেশিক ৰাজ্য মন্ত্ৰী বি মুৰলীধৰনে ক’লে যে ভাৰতৰ এগৰাকী নাৰ্ছ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে আৰু বৰ্তমান মহিলাগৰাকী ছৌদী আৰৱতে চিকিত্সাধীন। কিন্তু এই ভাইৰাছ চীনৰ চহৰ বুহানতকৈ পৃথক।

    ভুক্তভোগী নাৰ্ছ আৰু তেওঁৰ ১০০ গৰাকী সহকৰ্মীক পৰীক্ষা কৰা হৈছিল। ১০০ গৰাকীৰ ভিতৰত প্ৰায়ভাগ নাৰ্ছ আছিল কেৰালাৰ। বৈদেশিক ৰাজ্য মন্ত্ৰীয়ে ক’লে যে এই ভাইৰাছত আক্ৰান্ত নাৰ্ছগৰাকীৰ চিকিত্সা অচীৰ নেচনেল হাস্পতালত চলি আছে আৰু মহিলাগৰাকী স্বাস্থ্য এতিয়া যথেষ্ট উন্নত হ’বলৈ ধৰিছে।

    এটা টুইটযোগে তেওঁ ক’লে, ‘প্ৰায় ১০০ গৰাকী ভাৰতীয় নাৰ্ছ কৰ্মৰত আছিল আৰু তেওঁলোকৰ পৰীক্ষা কৰা হৈছিল। আটাইকেইগৰাকী নাৰ্ছৰ ভিতৰত মাত্ৰ এগৰাকী নাৰ্ছহে ক’ৰোনা ভাইৰাছত আক্ৰান্ত পোৱা গৈছে। নাৰ্ছগৰাকীৰ অচীৰ নেচনেল হাস্পতালত চলি আছে চিকিত্সা আৰু মহিলাগৰাকী স্বাস্থ্য বৰ্তমান যথেষ্ট উন্নত হ’বলৈ ধৰিছে।

    জেদ্দাত ভাৰতীয় দূতে এই কথা স্পষ্ট কৰিলে যে সেই মহিলা নাৰ্ছগৰাকী ক’ৰোনা ভাইৰাছ-চীঅ’বিত আক্ৰান্ত। তেওঁ ২০১৯-এনচিঅ’ (বুহান)ত আক্ৰান্ত নহয়।

    Photo credit: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং