26 C
Guwahati
Thursday, September 22, 2022
More

    কাইলৈ গণৰাজ্য দিৱস; পতাকাৰে ভৰি পৰিছে পদপথ তথা বজাৰ

    কূটাঘাটকাৰীয়ে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও সষ্টম হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন

    সমগ্ৰ দেশৰ লগতে ৰাজ্যৰো ভিন্ন প্ৰান্তত ব্যাপক উচাহ ৭১ সংখ্যক গণৰাজ্য দিৱস লৈ। এতিয়া পদপথ ভৰি পৰিছে ভিন্ন আকৃতিৰ পতাকাৰে। পতাকাৰ লগতে আছে হাতত বন্ধা বেণ্ডৰ লগতে চুলিত মৰা ৰাবাৰ আৰু সৰু সৰু বেজ।

    ২০টকা দৰৰ পৰা আৰম্ভ পতাকা আৰু ১০ টকা দৰৰ পৰা আৰম্ভ বেণ্ড তথা ৰাবাৰ সমূহ। পদপথৰ লগতে বজাৰতো উপলব্ধ ভিন্ন পতাকা। খাদী গ্ৰামোদ্যক বিভাগৰ কৰ্মচাৰীয়ে ইতিমধ্যে শেষ কৰিছে পতাকা তৈয়াৰীৰ কাম।

    গণৰাজ্য দিৱসত কূটাঘাটকাৰীয়ে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও সষ্টম হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন। ঠায়ে ঠায়ে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰো আয়োজন কৰিছে গণৰাজ্য দিৱস উদযাপন কৰিবলগীয়া আয়োজক কমিটি সকলে।

    Photo: Jyotirupa Kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং