দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ মেচৰ বাবে ঘোষণা হ’ল ভাৰতীয় ক্ৰিকেট দল। বি চি চি আইয়ে ঘোষণা কৰা তালিকাত মহেন্দ্ৰ সিং ধোনীৰ লগতে অন্তৰ্ভুক্ত নহ’ল ভুৱনেশ্বৰ কুমাৰ আৰু জছপ্ৰীট বুমৰাহো। বিপৰীতে সুদীৰ্ঘ দুমাহৰ পিছত পুনৰ দলত স্থান লাভ কৰিছে হাৰ্ডিক পাণ্ডিয়াই। বাকী কোনো সালসলনি ঘটোৱা নাই টীম ইণ্ডিয়াত।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩খন টি-২০ মেচ খেলিব ভাৰতে। ১৫ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈকে দুয়োখন দেশৰ মাজত চলিব ক্ৰিকেটৰ যুঁজ। ১৫ ছেপ্টেম্বৰত ধৰমশালা, ১৮ ছেপ্টেম্বৰত মহালি আৰু ২২ ছেপ্টেম্বৰত বেংগালুৰুত হ’ব খেল। ইয়াৰ পিছতে দুয়োখন দেশে খেলিব টেষ্ট শৃংখলাও, অক্টোবৰলৈকে চলিব এই খেল।
টীম ইণ্ডিয়া ক্ৰিকেট দলত স্থান পোৱা খেলুৱৈসকল হ’ল
বিৰাট কোহলি (অধিনায়ক), কে এল ৰাহুল, ৰোহিত শৰ্মা, শিখৰ ধৱন, শ্ৰেয়ছ আয়্য়াৰ, মনীষ পাণ্ডে, হাৰ্ডিক পাণ্ডিয়া, ঋষভ পণ্ট (উইকেট কীপাৰ), ৰবিন্দ্ৰ জাডেজা, কুণাল পাণ্ডিয়া, বাশ্বিংটন সুন্দৰ, ৰাহুল চহৰ, খলীল আহমদ, দীপক চহৰ আৰু নৱদীপ সৈনী।
Photo Credit | timesofindia.indiatimes.com