16 C
Guwahati
Thursday, December 8, 2022
More

    বছৰৰ প্ৰথম দিনটোত সৰ্বাধিক শিশু জন্মৰে ভাৰতে গঢ়িলে অভিলেখ

    এই ৪ লাখ শিশুৰ ভিতৰত অকল ভাৰততে জন্ম পালে অভিলেখ সংখ্যক প্ৰায় ৬৭,৩৮৫ শিশু

    ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, তাতে আৰু এটি বিশেষ বছৰ ২০২০। বহুতো পিতৃ-মাতৃয়ে এই বিশেষ দিনটো বাচনি কৰিলে নিজৰ সন্তান জন্মৰ বাবে। সেইয়ে গোটেই বিশ্বতে এদিনতে জন্ম পালে মুঠ ৪ লাখ শিশু। পিছে এই ৪ লাখ শিশুৰ ভিতৰত অকল ভাৰততে জন্ম পালে অভিলেখ সংখ্যক প্ৰায় ৬৭,৩৮৫ শিশু। এই বৃহৎ সংখ্যাৰে পিছ পেলালে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ চীনকো। বছৰৰ প্ৰথম দিনটোত চীনত জন্ম পালে প্ৰায় ৪৬,২৯৯ শিশু।

    সম্ভৱত নতুন বৰ্ষৰ নতুন দিনটোত সৰ্বপ্ৰথম শিশু জন্ম পাই ফিজীত আনহাতে সকলোতকৈ শেষৰ শিশুটিৰ জন্ম হয় আমেৰিকাত। ভাৰত আৰু চীনৰ পিছতে সৰ্বাধিক শিশু জন্ম পোৱা এই তালিকাত আছে ক্ৰমে নাইজেৰিয়া ৪৬,২৯৯, পাকিস্তান ১৬,৭৮৭, ইণ্ডোনেছিয়া ১৩,০২০, আমেৰিকা ১০,৪৫২, কংগো ১০,২৪৭, আৰু ইথিউপিয়া ৮,৪৯৩। ইয়াৰ বাহিৰেও বিশ্বৰ অন্য দেশসমূহতো হাজাৰৰো অধিক শিশু জন্ম হয়।

    Photo Credit: healthline.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং