29 C
Guwahati
Monday, October 25, 2021
More

    লক ডাউনঃ ৩ মে’লৈ দেশত বাতিল সকলো বিমান সেৱা

    সকলো ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল বাতিল কৰা হৈছে

    সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’ণা ভাইৰাছৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাইছে। এই পৰ্যন্ত ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৮৯৮৮ জন আৰু মৃত্যুমুখত পৰিছে ৩৩৯জন।আজি ভাৰতত লক ডাউনৰ ২১ দিন সম্পূৰ্ণ হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ সময়সীমা ৩ মে’লৈ বৃদ্ধি কৰিলে।

    লকডাউনৰ সময় বৃদ্ধি হোৱাৰ লগে লগে পুনৰ ভাৰতীয় ৰে’ল বিভাগে বন্ধ কৰি দিলে অনলাইন বুকিং। ১৫ এপ্ৰিলৰ বাবে টিকট বুকিং প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল ৰে’ল বিভাগে। মোদীয়ে ৩ মে’লৈকে লকডাউন বৃদ্ধিৰ ঘোষণাৰ পিছতে বুকিং বন্ধ কৰি দিয়ে বিভাগটোৱে। অহা ৩ মে’লৈকে বন্ধ থাকিব দেশৰ ৰে’লসেৱা।

    ৰে’লৰ পিছত এইবাৰ ৩ মে’লৈকে দেশত বাতিল হ’ল সকলো বিমান সেৱা। সকলো ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল বাতিল কৰা হৈছে। ৩ মে’ৰ নিশা ১১ বাজি ৫৯ ছেকেণ্ডলৈ থাকিব বিমনা বাতিল প্ৰক্ৰিয়া। ৩ মে’লৈকে বিমান সেৱা বাতিল কৰিবলৈ কেন্দ্ৰীয় বিমান মন্ত্ৰালয়ে জাৰি কৰিছে নিৰ্দেশনা।

    Photo Credit: nomadicmatt.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং