ভাৰতীয় দলটোৰ পৰৱৰ্তী প্ৰশিক্ষকৰ ঘোষণা কৰা হ’ব শুকুৰবাৰৰ সন্ধিয়া ৭ বজাত ঘোষণা কৰা হ’ব। মুম্বাইৰ কপিল দেৱৰ অগুগাই নামৰ ক্ৰিকেট এডভাইজৰী কাউঞ্চিল ৬ শ্বৰ্ট লিষ্ট দাবীদাৰৰ গ্ৰহণ কৰিছে সাক্ষাত্কাৰ।
বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী ৱেষ্টইণ্ডিজৰ ভ্ৰমণত ব্যস্ত। যাৰ বাবে তেওঁ ভিডিঅ’ কনফানঞ্চেৰিঙৰ জৰিয়তে তেওঁ সাক্ষাতকাৰত অংশগ্ৰহণ কৰিব। শাস্ত্ৰীৰ উপৰিও নিউজীলেণ্ডৰ প্ৰাক্তন প্ৰশিক্ষক মাইক হেছন, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ টম মুদী, ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অপেনাৰ ফিল ছাইমণ্ডছ, টীম ইণ্ডিয়াৰ প্ৰাক্তন মেনেজাৰ লালচন্দ ৰাজপুত আৰু টীম ইণ্ডিয়াৰ প্ৰাক্তন ফিল্ডিং প্ৰশিক্ষক ৰবিন সিঙক শ্ৱৰ্ট লিষ্ট কৰা হৈছে।

ক্ৰিকেট এডভাইজৰী কাউঞ্চিল (CAC)ত কপিল দেৱৰ উপৰিও টীম ইণ্ডিয়াৰ প্ৰাক্তন অপেনাৰ অংশুমান গায়কৱাৰ আৰু মহিলা ক্ৰিকেট টীমৰ প্ৰাক্তন অধিনায়ক শান্তা ৰংগাস্বামীৰো অংশগ্ৰহণ।
বৰ্তমানৰ প্ৰশিক্ষক শাস্ত্ৰীৰ কাৰ্যকালে বৃদ্ধি হোৱাৰ সম্ভাৱনা। তেওঁ কেপ্টেইন বিৰাট কোহলীৰ পচন্দ। ৱেষ্টইণ্ডিজ ভ্ৰমণত যোৱাৰ পূৰ্বে কোহলীয়ে কৈছিল যে টীম শাস্ত্ৰীৰ সৈতে বহুত সুখী। প্ৰশিক্ষক আৰু কোচিং ষ্টাফৰ বাবে ২০০০ গৰাকী লোকে আবেদন কৰিছিল
শাস্ত্ৰী আৰু বৰ্তমানৰ কোচিং ষ্টাফৰ কাৰ্যকাল ৱৰ্ল্ড কাপৰ পিছতে সমাপ্ত হৈছিল কিন্তু ৱৰ্ডে তেওঁলোকৰ চুক্তিৰ সময়সীমা ৪৫ দিনৰ বাবে বৃদ্ধি কৰিছিল। ৱৰ্ডে ৩০ জুলাইলৈ প্ৰশিক্ষক আৰু কোচিং ষ্টাফৰ বাবে আবেদনৰ দাবী কৰিছিল। প্ৰায় ২০০০ গৰাকী লোকে আবেদন জনাইছিল। ইয়াৰে ৬ গৰাকী লোকক শ্ৱৰ্ট লিষ্ট কৰা হৈছিল।