14 C
Guwahati
Friday, January 21, 2022
More

    ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কেইখনমান আলোকচিত্ৰ

    ৰাজ্যজুৰি পালন কৰা হৈছে ৭৩তম স্বাধীনতা দিৱস। প্ৰতিখন স্কুল, কলেজ বা কাৰ্যালয়তে পতাকা উত্তোলন।

    গুৱাহাটীৰ গান্ধী মণ্ডপত পুনৰ উৰিল দেশৰ তৃতীয় সুউচ্চ ত্ৰিৰংগা।

    লখিমপুৰত হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন ৷ উপস্থিত সাংসদ প্ৰদান বৰুৱা, পল্লৱলোচন দাস আাৰু বিধায়ক উৎপল দত্ত ।

    শিৱসাগৰ নগৰৰ স্থিত ঐতিহাসিক বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। অসম চৰকাৰৰ পৰ্যটন আৰু ভৈয়াম জনজাতি তথা পিছপৰা শ্ৰেণী উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ময়ে পতাকা উত্তোলন কৰে।
    কটকটিয়া নিৰাপত্তা বেষ্টনীৰ মাজত হাইলাকান্দিত পালন কৰা হয় ৭৩তম স্বাধীনতা দিবস। পুৱা ৯টা বজাত হাইলাকান্দিৰ জিল‍া উপ‍ায়ুক্ত কাৰ্যালয় চৌহদত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে জিল‍া উপায়ুক্ত জাল্লী কিৰ্তীয়ে।
    কলিয়াবৰত ৭৩তম স্বাধীনতা দিৱসৰ আনুষ্ঠানিক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি বিতোপন নেওগে ।
    শ্ৰদ্ধাঞ্জলি কাননত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছহিদৰ স্মৃতি-সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতে ৰাওনা হয় খানাপাৰালৈ।
    নলবাৰীত ৭৩ তম স্বাধীনতা দিৱস পালন। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফনীভূষন চৌধুৰীয়ে।
    তিনিচুকীয়া আই টি আই খেল পথাৰত বিশাল সাংস্কৃতিক কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন । কাৰ্যসূচীত পতাকা উত্তোলন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।
    বিশ্বনাথটো ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন। কাছাৰী মৈদামত পতাকা উত্তোলন কৰে বিশ্বনাথৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড আৰু তেওঁক সহযোগ কৰে আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে।
    নগাঁৱতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনৰ কেন্দ্ৰীয় কাৰ্যসূচী । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ। ।পতাকা উত্তোলন ।
    চৌদি আৰৱৰ পবিত্ৰ মক্কাৰ আজিজীয়াত মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত অসমৰ হজযাত্ৰী সকলে ডিঙিত অসমীয়া গামোচা লৈ ৭৩ তম স্বাধীনতা দিৱস পালন কৰে।
    বটদ্ৰৱাৰ দলংঘাট ষষ্ঠদশ বেটেলিয়ান কেম্পত পতাকা উত্তোলন বিধায়িকা অাঙুৰলতাৰ ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং