32 C
Guwahati
Wednesday, June 7, 2023
More

    অৰুণাচলত ভয়ংকৰ ভূমিস্খলন; সমগ্ৰ দৃশ্য বন্দী কেমেৰাত, চাওক VIDEO

    মঙলবাৰে পুৱা অৰুণাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।

    ৰিচী গাঁৱৰ নিৰ্মাণাধীন NES secttৰ সমীপৰ গংগা-জুলং পথৰ আধা অংশ আশিংকভাৱে ক্ষতিগ্ৰস্ত হয়, পিছত নিশা সম্পূৰ্ণভাৱে উটি যায়।

    গংগা-জুলং পথৰ জৰিয়তে নাহৰলগুনলৈ সম্পূৰ্ণ যাতায়ত বন্ধ হৈ পৰে, ফলত হাৰাশাস্তিৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত।

    যাত্ৰীসকলক অনুৰোধ কৰা হৈছে যে তেওঁলোক ইটানগৰৰ চিম্পু-জুলী পথেৰে যাওক আৰু তাৰ পিছত পাপুনাল্লাহ।

    ৰাজধানী প্ৰশাসন, কেপিটেল আৰক্ষী আৰু PWD কেপিটেল ডিভিজন বি য়েও ৰাইজক অনুৰোধ জনাই যে বৰষুণ দি থকাৰ দিনকেইটাত সুৰক্ষিতভাৱে গাড়ী চলাওক আৰু সুৰক্ষাৰ ব্যৱস্থা হিচাপে সদায়ে সজাগ হৈ থাকক।

    উল্লেখ্য যে অৰুনাচলত সংঘটিত এই ভয়াৱহ ভূমিস্খলনৰ দৃশ্য বন্দী হৈছে কেমেৰাত।

    কেমেৰাৰ সন্মুখতে তচনচ কৰিলে বহু বাসগৃহ আৰু বাহন।

    অৰুণাচলৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৃষ্টিপাতৰ ফলত প্ৰৱল বানৰ লগতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

    কেইবাটাও পথৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে।

    Photo: Time8

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং