22 C
Guwahati
Tuesday, October 26, 2021
More

    ৰে’ল যাত্ৰী সাৱধান! শীতকালত ৰে’ল বিলম্ব হ’লে ভাৰতীয় ৰে’লৱে প্ৰেৰণ কৰিব মেছেজ

    কিন্তু এইবাৰ ৰে'লৱে ট্ৰেইনসমূহত স্থাপন কৰিছে এণ্টি ফগ ডিভাইছ, যাৰ দ্বাৰা ৰে'ল গন্তব্য স্থান পোৱাত পলম নহ'ব

    শীতকালত কুঁৱলিৰ বাবে ৰে’ল বিলম্ব হ’লে ৰে’লৱে যাত্ৰীসকলৰ মোবাইল মেছেজ প্ৰেৰণ কৰাৰ আঁচনি প্ৰস্তুত কৰিছে। ৰে’ল এঘণ্টাতকৈ অধিক পলম কৰিলে মোবাইলত মেছেজ প্ৰেৰণ কৰি যাত্ৰীক ইয়াৰ বিষয়ে জনোৱা হ’ব। আগ্ৰা ৰে’ল মণ্ডলৰ PRO এছ.কে.শ্ৰীৱাস্তৱে ক’লে যে ৰে’লৱে যাত্ৰীৰ সৰু-বৰ সুবিধাৰ বাবে যিমানপাৰে চেষ্টা কৰে। আৰু সেই চেষ্টাত এইটো সন্নিবিষ্ট হৈছে। যিহেতুকে আৰম্ভ শীতৰ দিন আৰু ইয়াৰ বাবে ৰে’লৰ আহ-যাহ প্ৰক্ৰিয়াও লেমেহীয়া হোৱাৰ সম্ভাৱনা।

    কিন্তু এইবাৰ ৰে’লৱে ট্ৰেইনসমূহত স্থাপন কৰিছে এণ্টি ফগ ডিভাইছ, যাৰ দ্বাৰা ৰে’ল গন্তব্য স্থান পোৱাত পলম নহ’ব। ইয়াৰ পিছতো যদি ৰে’ল অহাত পলম হয় তেন্তে যাত্ৰীৰ মোৱাইল নম্বৰত মেছেজ প্ৰেৰণ কৰি জনোৱা হ’ব। ইতিমধ্যে আৰম্ভ হৈছে ইয়াৰ কামকাজ। শীঘ্ৰে আৰম্ভ হ’ব এই আঁচনি।

    লগতে তেওঁ ক’লে যে ৰে’ল এঘণ্টাতকৈ অধিক পলম কৰিলে মোবাইলত মেছেজ প্ৰেৰণ কৰিব আৰু মেছেজটোত লিখা থাকিব ৰে’লৰ স্থান আৰু ষ্টেচনত উপস্থিত হোৱাৰ সময়। এই সুবিধা কেৱল তেওঁলোকে লাভ কৰিব যিয়ে ৰে’লত Reservations কৰাৰ সময়ত মোবাইল নম্বৰ অংকিত কৰিছিল। এই নম্বৰ ছিষ্টেমত ফীড কৰা হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং