31 C
Guwahati
Thursday, October 6, 2022
More

    চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত হুৰাহুৰে বাঢ়িছে কৰণাক্ৰান্ত লোকৰ সংখ্যা

    ইয়াৰে সৰহ সংখ্যকেই একেটা ইউনিটৰে জোৱান

    অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত মাত্ৰ দুটামান দিনৰ ভিতৰতে হুৰাহুৰে বাঢ়িছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা। উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যখনত বৰ্তমানে কভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈছে গৈ ৬৪ গৰাকী।

    সংকিত হৈ পৰিছে সমগ্ৰ ৰাজ্যখনৰে বাসিন্দা সকল। সকলো ফালৰ পৰাই সুৰক্ষা কঠোৰ কৰি তোলাৰ পিছতো লগতে লকডাউন মানি চলাৰ পিছতো ভয়াৱহভাৱে ৰাজ্যখনত বিয়পিছে মহামাৰী কৰ’ণা ভাইৰাছ।

    মাত্ৰ এটা দিনতে ২২ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে এই মহামাৰী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে জনোৱা অনুসৰি কালিৰ দিনটোতে এই ২২ জন লোকৰ তেজৰ নমুনা পৰীক্ষাত কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। সকলোতকৈ উল্লেখযোগ্য যে, এই কেউজনেই একেটা ইউনিটৰে জোৱান।

    কেউজন জোৱানেই ধালাই জিলাৰ জহৰ নগৰস্থিত আম্বাছাৰ বি এছ এফ ১৩৮ ইউনিটৰ বুলি জানিব পৰা গৈছে। ইয়াৰে ভিতৰত ১৮ গাৰাকী পুৰুষ, এগৰাকী মহিলা আৰু ৩ টা শিশুৰ শৰীৰত এই মহামাৰী ধৰা পৰিছে।

    ৰাজ্যখনত বৰ্তমানে মুঠ ৬৪টা কভিড-১৯ কেছ পোহৰলৈ অহাৰ বিপৰীতে ২ গৰাকী সুস্থ হৈ উঠিছে আৰু ৬২ জন হাস্পতালত চিকিৎধীন হৈ আছে। অতি ক্ষিপ্ৰতাৰে ৰাজ্যখনত কৰ’ণা বিয়পি পৰাত ৰাজ্যবাসীক ভয় নাখাবলৈ আৰু সুৰক্ষিত হৈ থাকিবলৈ অনুৰোধ জনাইছে বিপ্লব কুমাৰ দেৱে।

    Photo Credit: The Print(L) And Yahoo news (R)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং