24 C
Guwahati
Thursday, October 21, 2021
More

    কৰ’ণাৰ বাবে ম্লান পৰা হোলীক হালধীয়ে দিলে নতুনত্ব

    কৰ’ণা ভাইৰাচক প্ৰতিৰোধৰ বাবেই ৰঙৰ সলনি কেঁচা হালধিৰ মিশ্ৰণ ব্যৱহাৰ

    আজিৰ পৰা আজিৰে পৰা আৰম্ভ হৈছে ৰঙৰ উৎসৱ হোলী। পিছে কৰ’ণাৰ বাবে কিছু ম্লান পৰিছে এই ৰঙৰ উৎসৱ। সুৰক্ষাজনিত কাৰণৰ বাবেও চৰকাৰে আহ্বান কৰিছে হোলী উদযাপন আৰু জনসমাৱেশৰ পৰা কিছু আঁতৰত থাকিবলৈ।

    তাতে আৰু চীনৰ পৰা আমদানি হোৱা ৰঙৰ বাবেও ভয় জনসাধাৰণৰ বাবে। পিছে ইমানৰ পিছতো হোলীক ম্লান পৰিব দিয়া নাই অসমৰ এখন গাঁৱে। ৰঙৰ ঠাইত স্থান লৈছে হালধীয়ে।

    গহপুৰত এইবাৰ ব্যতিক্ৰমী ফাকুৱা। ৰঙৰ পৰিৱৰ্তে গাওঁবাসীয়ে ব্যৱহাৰ কৰিছে কেঁচা হালধি। কৰ’ণা ভাইৰাচক প্ৰতিৰোধৰ বাবেই ৰঙৰ সলনি কেঁচা হালধিৰ মিশ্ৰণ ব্যৱহাৰ।

    পৰম্পৰা অনুসৰি গহপুৰৰ বাকৰি পঞ্চায়তৰ দাঠকলা গাঁৱত প্ৰতিবছৰে উদযাপন হয় ফাকুৱা৷ কিন্ত এইবাৰ ফাকুৱাত ৰং ব্যৱহাৰ নকৰি ব্যৱহাৰ কৰিছে কেঁচা হালধিৰ মিশ্ৰণ৷ অভিভাৱক সকলে পিচি দিয়া হালধিৰ গুৰিয়ে ফাকু খেলিছে গাঁৱৰ লৰা ছোৱালী, জিয়াৰী-বোৱাৰীয়ে৷

    Photo Credit: @moongogoi

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং