22 C
Guwahati
Sunday, December 5, 2021
More

    হাস্পতালৰ দুৰৱস্থাৰ বিষয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰি বিপদত, চিকিৎসা নকৰালে গৰ্ভৱতী মহিলাৰ

    ভুক্তভোগী মহিলাগৰাকী ৬ মাহৰ গৰ্ভৱতী

    মাজুলী গড়মূৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ অমানৱীয় কাণ্ড। এগৰাকী গৰ্ভৱতী মহিলাৰ জীৱনক লৈ হেতালি অধীক্ষক বাচা গোস্বামীৰ। ঘণ্টা ঘন্টা ধৰি পুৱাৰ পৰা চিকিৎসালয়ৰ বাহিৰত চিকিৎসাৰ বাবে ৰখি থকা মহিলাগৰাকীক চিকিৎসা নকৰালে অধীক্ষকে।

    চিকিৎসা নকৰোৱাৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি। মাজুলীৰ একমাত্ৰ ১০০ খন বিচনা যুক্ত গড়মূৰ অসামৰিক চিকিৎসালয়। আৰু চিকিৎসালয় খনত চলে অধীক্ষক গৰাকীৰ অমানৱীয় অমানুষিক কাৰ্যৰে এগৰাকী গৰ্ভৱতী মহিলাক লৈ চিকিৎসা কৰাক লৈ হুলস্থুলিয়া পৰিৱেশৰ সৃষ্টি হয়৷

    মহিলাগৰাকীৰ নাম জিলি পায়েং। কমলাবাৰী ফাৰ্ম তিনিআলিৰ মহিলাগৰাকী ৬ মাহৰ আন্তসত্তা লগতে পেটত পাথৰ। বিষ আৰু যন্ত্ৰনাত চটফটাই পুৱা ৭ বজাৰ পৰা দিনৰ দিনটো চিকিৎসালয় বাহিৰত ৰখি থাকিল আত্মীয়ৰ লগত। কিন্তু চিকিৎসা নকৰিলে চিকিৎসকে।

    কিয়নো কেইদিন মান পূৰ্বে এই মহিলা গৰাকীৰ এজন আত্মীয়ই চিকিৎসালয় খনৰ দুৰৱস্থাৰ ওপৰত দিছিল এটা ফেচবুক পোষ্ট। আৰু সেই পোষ্ট টোৱেই এতিয়া বিপদ মাতি আনিলে মহিলাগৰাকীৰ বাবে। আত্মীয়ই পোষ্টতো দিয়াৰ বাবে এই মিহিলা গৰাকীক আজি চিকিৎসা প্ৰদান নকৰিলে চিকিৎসালয়ত।

    Photo credit: @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং