28 C
Guwahati
Thursday, June 8, 2023
More

    লখিমপুৰত নিজ দেওৰেকে চোকা অস্ত্রৰে ঘপিয়ালে বৌৱেকক

    গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৌয়েকসহ ককায়েক আৰু সন্তান আটাইকেইগৰাকী বৰ্তমান উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

    লখিমপুৰত পৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিনতি। নিজ দেওৰেকে চোকা অস্ত্রৰে ঘপিয়ালে নিজ বৌৱেকক। কেৱল বৌয়েককেই নহয় ককায়েককো ঘপিয়ালে ভাতৃয়ে।

    এই ঘটনা সংঘটিত হৈছে লখিমপুৰ নগৰৰ চুতিয়া কাড়ীত। পৰিবাৰিক কন্দলেই কাল হৈ আহিল এটা পৰিয়ালৰ বাবে।

    চুতিয়া কাড়ীৰ নিবাসী কিৰণ শইকীয়াৰ পত্নীৰ লগতে কিৰণ শইকীয়াকো শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্রৰে আঘাট।

    চোকা অস্ত্রৰেৰে নিজ ভাতৃ যতীন শইকীয়াই নিৰ্মমভাৱে আক্রমণ কৰে পৰিয়ালটোক। যাৰ বাবে এতিয়া জীৱন-মৃত্যুৰে যুঁজি দিব লগা হৈছে বৌয়েকে।

    এই কাৰ্যত যতিন শইকীয়াক সহযোগ কৰে অন্য এগৰাকীয়েও। জানিব পৰা মতে সহায় কৰোতা জন যতিন শইকীয়াৰ খুলশালী বাবাটু।

    এই ঘটনাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় কিৰণ শইকীয়াৰ পত্নী গুণ শইকীয়া। শৰীৰৰ বাকি অংশৰ লগতে মুৰত অধিক আঘাত পায়।

    আনহাতে কিৰণ শইকীয়াৰ পুত্র আৰু কন্যাকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

    ইতিমধ্যে এই ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে লখিমপুৰ আৰক্ষীয়ে।

    পিছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ঘটনাৰ প্ৰকৃত কাৰণ। কিন্তু বহু দিনৰ পৰাই ককায়েক আৰু ভায়েকৰ মাজত চলি আছিল সংঘাট।

    গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৌয়েকসহ ককায়েক আৰু সন্তান আটাইকেইগৰাকী বৰ্তমান উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং