27 C
Guwahati
Tuesday, September 27, 2022
More

    লখিমপুৰত এখন সাধাৰণ টেম্প’ৱে হাহাকাৰ লগাইছে ৰাইজৰ মাজত, পিছে কিয়?

    লখিমপুৰ জিলাত এখন টেম্প’ৱে সাধাৰণ জনতাৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। পিছে এখন সাধাৰণ টেম্প’নো কিয় ইমান চৰ্চিত বিষয় হৈ পৰিছে সমগ্ৰ জিলাখনতে।

    জানিব পৰা মতে এখন টেম্প’ৱে এগৰাকী কৰ’ণা আক্ৰান্ত ৰোগী কঢ়িয়াইছিল। সেই টেম্প’ৰ সন্ধানতে এতিয়া লখিমপুৰ আৰক্ষীৰ অভিযান।

    আৰু কিমান সংখ্যক যাত্ৰী উঠিছে সেই টেম্প’ত।

    ক’ৰ ক’ৰ যাত্ৰী সকল এই বিষয়ে সৱিশেষ জানিবৰ বাবেই লগতে আৰু যাতে অন্য মানুহৰ দেহলৈ এই ভাইৰাছ বিয়পি নপৰে তাৰ বাবে এই ব্যৱস্থা।

    লখিমপুৰ জিলা প্ৰশাসনে সেই বিশেষ টেম্প’ৰ সন্ধান কৰিছে বুধবাৰ ১৭ জুনৰ পুৱাভাগৰ পৰা৷ পিছে বৰ্তমালৈকে চিনাক্ত কৰিব পৰা নাই টেম্প’খন৷

    টেম্প’খনত যাত্ৰা কৰা কৰ’ণা পজিটিভ ৰোগী গৰাকী এগৰাকী মহিলা। দিল্লীৰ পৰা আহিছিল মহিলাগৰাকী।

    উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা মাইনু দাস নামৰ এগৰাকী কভিড পজিটিভ ৰোগীক টেম্পুখনৰে নিয়া হৈছিল ৰমনীচুকলৈ ৷

    যোৱা ১৪ জুনত নতুন দিল্লীৰ পৰা আহি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিলহি মাইনু দাস নামৰ এগৰাকী মহিলা সহ এটি তিনিজনীয়া পৰিয়াল৷

    চিকিৎসালয়ত পৰীকক্ষাৰ বাবে স্বাৱ দিয়াৰ পাছতে পৰিয়ালটোৱে স্বাস্থ্য বিভাগে দিয়া বাহনলৈ বাট নাচাই নিজে এখন টেম্পু ভাড়া কৰি নিজা গাওঁ ৰমনীচুকলৈ গুচি আহে৷

    কিন্তু মংগলবাৰে ইয়াৰে মাইনু দাসৰ দেহত কৰ’ণা পজিটিভ ওলোৱাত তেওঁক লগে লগে কভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

    মাইনু দাসৰ স্বামী কৰ্মসূত্ৰে নতুন দিল্লীত বাস কৰে৷

    তেওঁলোকৰ কন্যা সন্তান কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসা কৰাবলৈ শহুৰেকৰ সৈতে নতুন দিল্লীলৈ গৈছিল।

    আৰু ১৩জনুত ৰে’লেৰে আহি গুৱাহাটীত উপস্থিত হৈছিল।

    ১৪ জুনত তেওঁলোক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছত এখন টেম্পুৰে ঘৰলৈ গৈছিল ৷

    এতিয়া মাইনু দাসৰ দেহত কভিড পজিটিভ ওলোৱাৰ পাছত টেম্প’খনৰ চালক জনৰ স্বাৱ পৰীক্ষা কৰাটো জৰুৰী হৈ পৰিছে৷

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং