ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলাৰ ভিডিঅ’। পথৰ মাজতে পথ সলনিৰ বাবে বাছৰ চালকক কৰালে বাধ্য। টুইটাৰত প্ৰশংসা কৰিলে বিভিন্নজনে।
কেৰালাত উদণ্ড চালকক নীতিশিক্ষা দিলে এগৰাকী মহিলাই। যান-বাহনৰ নীতি-নিয়ম উলংঘা কৰি যেতিয়া এজন বাছ চালক ভুল পথেৰে সোমাইছিল সেই সময়তে এগৰাকী মহিলা স্কুটী আৰোহীয়ে আগভেটি ধৰিলে পথৰ মাজতে। অৱশেষত মহিলাগৰাকীৰ পৰাক্ৰমত বাট পোনাবলৈ বাধ্য হ’ল বাছ চালকজন।মহিলাগৰাকীৰ এই সাহসিকতাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
কেৰালাৰ এই ভাইৰেল ভিডিঅ’টোৱে এতিয়া তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যে স্কুটীত বহি থকা মহিলাগৰাকী পথটোৰ বাওঁফালে আছিল। কিন্তু তেওঁৰ সন্মুখত আছিল এখন বাছ। বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে।
Photo credit: storypick.com