12.5 C
Guwahati
Saturday, January 29, 2022
More

    হিমাচল প্ৰদেশত ৬০-৮০ হাজাৰ টকাৰ এখন স্কুটাৰৰ বাবে ১৮ লাখ টকা খৰচ

    কৰ’ণা মহামাৰীৰ মাজতে এক আজৱ ঘটনা পোহৰলৈ আহিছে হিমাচল প্ৰদেশৰ পৰা। সামান্য স্কুটাৰ এখনৰ বাবে অতিৰিক্ত ভাৱে লাখ লাখ টকা খৰচ কৰিবলৈ উঠি পৰি লাগিছে লোক।

    ১৮ লাখ টকালৈ দৰ উঠিছে। পিছে কিয় ইমান টকা দিবলৈ কুণ্ঠাবোধ কৰা নাই মানুহে।

    আৰু এনে কি কাৰণ যে হাজাৰ টকাৰ বস্তুটোত লাখ টকা খৰচ কৰিব।

    জানিব পোৱা মতে এখন ৬০ৰ পৰা ৮০ হাজাৰ টকীয়া স্কুটাৰৰ বাবে এটা ভি ভি আই পি নম্বৰৰ বাবে এনেদৰে ১৮ লাখলৈ উঠিছে দৰ।

    সেই বিশেষ নম্বৰটোৰ বাবেই উঠি পৰি লাগিছে মানুহে। এই ঘটনা হিমাচল প্ৰদেশৰ শ্বাহপুৰৰ।

    তাতেই এটা ব্যক্তিগত কোম্পানীয়ে এখন স্কুটাৰৰ বাবে এটা বিশেষ নম্বৰ পাবৰ বাবে দৰ্খাস্ত দিছিল। নম্বৰটো ৯০-০০০৯(90-0009)।

    এই ভি ভি আই পি নম্বৰটোৰ বাবে কোম্পানীটোৱে চৰকাৰৰ ফালৰ পৰা এক অনলাইন পইচাৰ বোল আৰম্ভ কৰে।

    এই পইচাৰ বোল ২০ জুন শনিবাৰৰ পৰা আৰম্ভ হৈ ২৬ জুন শুকুৰবাৰলৈ চলে।

    এক সপ্তাহৰ বাবে চলা এই অনলাইন পইচাৰ বোলতেই বিশেষ নম্বৰটোৰ বাবে সৰ্বোচ্চ পইচা উঠে ১৮ লাখ ২২ হাজাৰ ৫০০ টকালৈকে।

    Photo Credit: ClipartLogo.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং